Your Mic Your Voice

নিশা হাজোৰ বাহানাত ভয়ংকৰ পথ দুৰ্ঘটনা

0

হাজো: হাজোৰ বাহানাত নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী টেম্প’ বাহনৰ প্ৰচণ্ড খুন্দাত এজন বাইক আৰোহী নিহত হোৱাৰ লগতে আন এগৰাকী বাইক আৰোহী গুৰুতৰভাৱে আহত হয়।

নিহত বাইক আৰোহীজন ধনুকাৰ নবিন স্বৰ্গীয়াৰী বুলি জানিব পৰা গৈছে। আনহাতে, দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা বাইক আৰোহীজন তেতেলীয়া ঔৰগাল’ৰ উমেশ পাটোৱাৰী। সংকটজনক অৱস্থাত উমেশ পাটোৱাৰীক চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ (GMCH) প্ৰেৰণ কৰা হয়।

unimex

জানিব পৰা মতে, দুয়োগৰাকী বাইক আৰোহী পেছাত কাঠমিস্ত্ৰী। নিশা কৰ্মস্থলীৰ পৰা বাইকেৰে ঘৰলৈ উভতি অহাৰ সময়তে বাহানাত সংঘটিত হয় এই দুৰ্ঘটনা। সেই সময়তে তীব্ৰবেগী এখন টেম্প’ বাহনে বাইকখনত প্ৰচণ্ড খুন্দা মাৰে।

দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে টেম্প’ বাহনখনৰ চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে পলাতক টেম্প’ বাহনখনৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে।

Leave A Reply

Your email address will not be published.

Translate »