ম্যানমাৰত সেনাৰ আক্ৰমন, নিহত ৪৯, আহত ৫৮;
ম্যানমাৰৰ পশ্চিম ৰাখাইন ৰাজ্যৰ বিদ্ৰোহী নিয়ন্ত্ৰিত অঞ্চলত সোমবাৰে সংঘটিত এক বিমান আক্ৰমণত কমেও ৪৯জন লোক নিহত হোৱাৰ লগতে ৫৮জন আহত হোৱা বুলি জানিবলৈ পোৱা গৈছে ।
জানিব পৰা মতে, ৰাখাইন ৰাজ্যৰ কিয়াউকটাও টাউনশ্বিপৰ এটা স্থানীয় বজাৰৰ সমীপত এই আক্ৰমণ সংঘটিত হয়। অঞ্চলটো ম্যানমাৰৰ অন্যতম শক্তিশালী সশস্ত্ৰ সংগঠন আৰাকান আৰ্মীৰ নিয়ন্ত্ৰণত আছে।
আৰাকান আৰ্মীৰ মতে, সোমবাৰে দুপৰীয়া এখন যুদ্ধবিমানে বজাৰৰ সমীপত দুটা বোমা নিক্ষেপ কৰে। আক্ৰমণৰ ফলত বজাৰৰ ব্যৱসায়ী, ক্ৰেতা আৰু পথচাৰীকে ধৰি বহু লোক হতাহত হয়। আহত ৫৮জনৰ ভিতৰত ২২জনৰ অৱস্থা সংকটজনক বুলি সংগঠনটোৱে প্ৰকাশ কৰিছে।
ৰাখাইনৰ জ্যেষ্ঠ উদ্ধাৰকাৰী বিষয়া ৱাই হুন আঙে উদ্ধাৰকাৰীসকলৰ উদ্ধৃতি দি হতাহতৰ সংখ্যা নিশ্চিত কৰে। তেওঁ কয় যে উক্ত বজাৰখন অঞ্চলটোৰ অন্যতম প্ৰধান পাইকাৰী বজাৰ আৰু সমগ্ৰ ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা ব্যৱসায়ী তথা ক্ৰেতা ইয়ালৈ আহে।

সামাজিক মাধ্যমত প্ৰকাশ পোৱা কিছুমান ছবি আৰু ভিডিঅ’ত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত অট্টালিকা, ক্ষতিগ্ৰস্ত বাহন আৰু ওচৰৰ এখন দলংৰ কিছু অংশ ধ্বংস হোৱা দেখা গৈছে।
ইফালে, আক্ৰমণৰ ঘটনাক লৈ আৰাকান আৰ্মীয়ে প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিছে। সংগঠনটোৱে দাবী কৰে যে ম্যানমাৰৰ সেনাই দেশখনৰ বিভিন্ন অঞ্চলত সশস্ত্ৰ সংগঠনৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে বিমান আক্ৰমণ চলাই আহিছে।
উল্লেখযোগ্য যে দেশখনত আভ্যন্তৰীণ সংঘাত অব্যাহত আছে। সামৰিক শাসনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ আৰু পৰৱৰ্তী সময়ত হোৱা দমন-পীড়নৰ ফলত বহু বিৰোধীয়ে অস্ত্ৰ হাতত লোৱাৰ ফলত দেশখনৰ বিভিন্ন অঞ্চলত সংঘৰ্ষ বৃদ্ধি পায়।