নিৰ্বাচনৰ পূৰ্বে ইজৰাইলীত আক্ৰমণ, ৱেষ্ট বেংক বন্ধৰ নিৰ্দেশ নেতানিয়াহুৰ
ইজৰাইলত নিৰ্বাচনৰ ঠিক পূৰ্বে সংঘটিত এক আক্ৰমণৰ ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই আক্ৰমণত কেইবাজনো ইজৰাইলী লোক আহত হোৱা বুলি জানিব পৰা গৈছে।
এই ঘটনাৰ পিছতে তৎপৰ হৈছে ইজৰাইল চৰকাৰ। প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে নিৰাপত্তাৰ স্বাৰ্থত ৱেষ্ট বেংক অঞ্চল সম্পূৰ্ণৰূপে বন্ধ কৰাৰ নিৰ্দেশ দিছে।

সূত্ৰ অনুসৰি, আক্ৰমণকাৰীক কৰায়ত্ত কৰিবলৈ ইজৰাইলী নিৰাপত্তা বাহিনীয়ে ব্যাপক অভিযান চলাইছে। সমগ্ৰ অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে।
নিৰ্বাচনৰ ঠিক আগমুহূৰ্তত সংঘটিত এই ঘটনাই ৰাজনৈতিক মহলতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।