Your Mic Your Voice

নিষেধাজ্ঞা আৰু বৃহৎ আৰক্ষী মোতায়েনৰ মাজতে জামিয়াৰ ছাত্ৰৰ প্ৰতিবাদ অধিক তীব্ৰতৰ

0

নতুন দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ত ছাত্ৰৰ প্ৰতিবাদ অধিক তীব্ৰতৰ হৈ পৰিছে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই চৌহদত নিষেধাজ্ঞা জাৰি কৰাৰ পিছতো ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে।

জানিব পৰা মতে, বিশ্ববিদ্যালয়ৰ ভিতৰত ৪জনীয়াতকৈ অধিক লোকৰ সমাৱেশ নিষিদ্ধ কৰা হৈছে আৰু নিৰাপত্তা কঠোৰ কৰা হৈছে। বিশ্ববিদ্যালয়ৰ মূল গেট আৰু চৌহদৰ বিভিন্ন স্থানত বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে।

unimex

ছাত্ৰ সংগঠনসমূহৰ অভিযোগ অনুসৰি, বিশ্ববিদ্যালয় প্ৰশাসনে গণতান্ত্ৰিক প্ৰতিবাদৰ অধিকাৰ দমন কৰিবলৈ চেষ্টা কৰিছে। আনহাতে, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই শান্তি-শৃংখলা বজাই ৰখাৰ বাবেহে এই পদক্ষেপ লোৱা হৈছে বুলি সদৰি কৰিছে।

বৰ্তমান পৰিস্থিতি উত্তেজনাপূৰ্ণ যদিও নিয়ন্ত্ৰণত আছে বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.

Translate »