Your Mic Your Voice

ইমেইলযোগে আক্ৰমণৰ ভাবুকি: মুম্বাইৰ মেয়ৰৰ কাৰ্যালয়, বচ্চনৰ বাসগৃহ আৰু দিলজিৎ দোচাঞ্জৰ কনচাৰ্টক লক্ষ্য

0

মুম্বাইত হাই এলাৰ্ট জাৰি কৰা হৈছে। মুম্বাইৰ মেয়ৰ ৰিতু তাৱদেক শুক্ৰবাৰে প্ৰেৰণ কৰা এটা ভাবুকিপূৰ্ণ ইমেইলৰ পিছতে নিৰাপত্তা সংস্থা আৰু মুম্বাই আৰক্ষীক সতৰ্ক কৰা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, ইমেইলটোত মেয়ৰৰ কাৰ্যালয়, অভিনেতা অমিতাভ বচ্চনৰ জুহুস্থিত বাসগৃহ ‘জলছা’ আৰু গায়ক দিলজিৎ দোচাঞ্জৰ কনচাৰ্টস্থলীত বোমা বিস্ফোৰণৰ ভাবুকি দিয়া হৈছে।

ইমেইলটোত দাবী কৰা হৈছিল যে বৃহন্মুম্বাই পৌৰ নিগম (BMC)ৰ মুখ্য কাৰ্যালয়ত থকা মেয়ৰৰ কাৰ্যালয়ত দিনৰ ৩.১১ বজাত বিস্ফোৰণ ঘটোৱা হ’ব। লগে লগে আৰক্ষীয়ে সমগ্ৰ চৌহদত তালাচী চলায় যদিও কোনো সন্দেহজনক সামগ্ৰী উদ্ধাৰ হোৱা নাই।

unimex

আৰক্ষীয়ে জনোৱা মতে, উপ-মেয়ৰ সঞ্জয় ঘাড়ীলৈও প্ৰেৰণ কৰা এই ইমেইলটোত ৩১ অক্টোবৰত এখন বিদ্যালয়ত গ্ৰেনেড আক্ৰমণৰ ভাবুকি দিয়াৰ লগতে ৩১ অক্টোবৰৰ পৰা ২৭ নৱেম্বৰৰ ভিতৰত বচ্চনৰ বাসগৃহত আক্ৰমণৰ ভাবুকি দিয়া হৈছে।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, ইমেইলটোত ‘খালিস্তান’ৰ উল্লেখ আছে আৰু ২৭ নৱেম্বৰত মহালক্ষ্মী ৰেছক’ৰ্ছত অনুষ্ঠিত হ’বলগীয়া দিলজিৎ দোচাঞ্জৰ কনচাৰ্টত আক্ৰমণৰ ভাবুকি দিয়া হৈছে। ইমেইলটো ‘খালিস্তান নেচনেল আৰ্মি (KNA)’ নামৰ এটা সংগঠনৰ নামত প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।

এই ভাবুকিৰ পিছতে আৰক্ষীয়ে ইমেইলটোৰ সত্যতা নিৰূপণ আৰু প্ৰেৰকক চিনাক্ত কৰিবলৈ তদন্ত আৰম্ভ কৰিছে। সাৱধানতা হিচাপে মেয়ৰৰ কাৰ্যালয়, মহালক্ষ্মী ৰেছক’ৰ্ছ, চহৰৰ বিশিষ্ট শিক্ষানুষ্ঠান আৰু ইমেইলত উল্লেখ কৰা সকলো স্থানতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে।

Leave A Reply

Your email address will not be published.

Translate »