Your Mic Your Voice

অৰুণাচলত চীনা সৈন্যৰ সৈতে হোৱা সংঘৰ্ষক লৈ প্ৰধানমন্ত্ৰী মোদীক কংগ্ৰেছৰ তীব্ৰ সমালোচনা

0

অৰুণাচল প্ৰদেশত ভাৰতীয় সেনা আৰু চীনা পিএলএৰ মাজত হোৱা শেহতীয়া মুখামুখি সংঘৰ্ষক লৈ কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছে। চীনৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে দলটোৱে।

কংগ্ৰেছৰ অভিযোগ, অৰুণাচলত বাৰে বাৰে চীনা সেনাই অনুপ্ৰৱেশৰ চেষ্টা কৰাৰ পিছতো প্ৰধানমন্ত্ৰীয়ে মৌনতা অৱলম্বন কৰিছে। দেশৰ সীমা সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ হৈছে বুলিও অভিযোগ কংগ্ৰেছৰ।

unimex

ইফালে, এই সংঘৰ্ষৰ পিছত বিৰোধীয়ে সংসদত আলোচনাৰ দাবী জনাইছে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়ত চৰকাৰে দেশবাসীক সত্য কথা জনাব লাগে বুলি কংগ্ৰেছৰ দাবী।

আনহাতে বিজেপিয়ে কংগ্ৰেছৰ অভিযোগ খণ্ডন কৰি কয় যে, সেনাই উপযুক্ত প্ৰত্যুত্তৰ দিছে আৰু দেশৰ সীমা সম্পূৰ্ণ সুৰক্ষিত।

Leave A Reply

Your email address will not be published.

Translate »