Your Mic Your Voice

হুথি আক্ৰমণৰ পিছত ৰিয়াদ বিমানবন্দৰে পুনৰ বিমান সেৱা আৰম্ভ কৰিলে

0

ইয়েমেনৰ হুথি বিদ্ৰোহীৰ আক্ৰমণৰ পিছত দুসপ্তাহ ধৰি বন্ধ হৈ থকাৰ অন্তত ৰিয়াদৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আজি দেওবাৰৰ পৰা পুনৰ বিমান সেৱা আৰম্ভ হৈছে।

কিং খালিদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কৰ্তৃপক্ষই X-ত জনোৱা মতে, ২৫ অক্টোবৰৰ পৰা টাৰ্মিনেল-১ ঘৰুৱা বিমানৰ বাবে আৰু টাৰ্মিনেল-২ আন্তঃৰাষ্ট্ৰীয় বিমানৰ বাবে মুকলি কৰা হৈছে। ফ্লাইট ৰাডাৰৰ তথ্য অনুসৰি আজি পুৱাই ৰিয়াদৰ পৰা জেদ্দালৈ এটা বিমান উৰা মাৰিছে।

উল্লেখ্য যে, চলিত মাহৰ আৰম্ভণিতে হুথিয়ে বিমানবন্দৰত চলোৱা আক্ৰমণত ১৩ জন লোকৰ মৃত্যু হৈছিল আৰু ৩০০ৰো অধিক লোক আহত হৈছিল, যিটো যোৱা এটা দশকত ছৌদি আৰৱত সংঘটিত আটাইতকৈ ভয়ংকৰ আক্ৰমণ আছিল।

unimex

ইফালে হুথিৰ সামৰিক মুখপাত্ৰ য়াহিয়া চাৰীয়ে সকীয়াই দি কৈছে যে বিমানবন্দৰটো এতিয়াও “নিৰাপদ নহয়” আৰু এয়া এক “সামৰিক লক্ষ্য”।

আজি পুৱাও ৰিয়াদত তিনিটা বিস্ফোৰণৰ শব্দ শুনা গৈছিল। ছৌদি নেতৃত্বাধীন মিত্ৰজোঁটে জনাইছে যে তেওঁলোকে হুথিৰ দ্বাৰা নিক্ষেপিত এটা বেলিষ্টিক মিছাইল আৰু দুটা ড্ৰ’ন প্ৰতিৰোধ কৰিছে।

দীৰ্ঘদিনীয়া যুদ্ধবিৰতি ভংগ হোৱাৰ পিছত যোৱা কেইসপ্তাহমান ধৰি হুথিয়ে ছৌদি আৰৱৰ ওপৰত আক্ৰমণৰ ধাৰা অব্যাহত ৰাখিছে।

Leave A Reply

Your email address will not be published.

Translate »