Your Mic Your Voice

দ্বিতীয় নৰ্থ-ইষ্ট কুংফু ফেডাৰেশ্বন কাপ ২০২৬ ত বিহালীৰ বৰগাং স্পৰ্টছ একাডেমীৰ সাফল্য

0

গুৱাহাটী: গুৱাহাটীৰ পল্টন বজাৰস্থিত গোৰ্খা ভৱনত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট কুংফু ফেডাৰেশ্বন কাপ ২০২৬ ত উজ্বলিল বিহালীৰ বৰগাং স্পৰ্টছ একাডেমীৰ খেলুৱৈ ।

কুংফু স্পৰ্টছ এছচিয়েচন অৱ আসামৰ উদ্যোগত আৰু নৰ্থ-ইষ্ট কুংফু স্পৰ্টছ ফেডাৰেশ্বনৰ সহযোগত যোৱা ৫ আৰু ৬ ছেপ্টেম্বৰত দুদিনীয়াকৈ এই প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

unimex

প্ৰতিযোগিতাত বৰগাং স্পৰ্টছ একাডেমীৰ পৰা অংশগ্ৰহণ কৰি গায়ত্ৰী মাঝী, বিশিষ্টা শৰ্মা, প্ৰেৰণা শৰ্মা, আৰু বৃষ্টি বন্যা চাহুৱে সোণৰ পদক লাভ কৰাৰ সমান্তৰালকৈ জিষ্ণু দাস আৰু ভব্য শইকীয়াই ব্ৰঞ্জৰ পদক লাভ কৰি একোখন যোগ্যতাৰ প্ৰমাণপত্ৰ আৰু মেডেলেৰে সন্মানিত হয় ।

দলটোক প্ৰশিক্ষণ প্ৰদান কৰিছিল অন্যতম সুদক্ষ প্ৰশিক্ষক (ব্লেকবেল্ট) হিচাপে পৰিচিত অৰূপ প্ৰজাই ।

উল্লেখ্য যে, এই প্ৰতিযোগিতাত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা ছাব-জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ শাখাৰ প্ৰায় ২ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল ।

Leave A Reply

Your email address will not be published.

Translate »