Your Mic Your Voice

মৃত্যু নে হত্যাকাণ্ড ! যুৱতীৰ মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য

0

যোৰহাটত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । এগৰাকী ১৮ বছৰীয়া যুৱতীৰ আকস্মিক মৃত্যুক কেন্দ্ৰ কৰি জিলাখনত সৃষ্টি হৈছে তীব্ৰ ৰহস্যৰ । জানিব পৰা মতে, যোৰহাটৰ ৰৰৈয়া আৰক্ষী চকীৰ অন্তৰ্গত পকামূৰা ন-পমুৱা গাঁৱৰ অন্বেষা শইকীয়াৰ যোৰহাট মেডিকেল কলেজ হাস্পতালত মৃত্যু হোৱাৰ পাছতেই পোহৰলৈ আহিছে কেইবাটাও চাঞ্চল্যকৰ তথ্য ।

উল্লেখ্য যে, শনিবাৰৰ নিশা কেইগৰাকীমান যুৱক-যুৱতীৰ সৈতে আছিল ইতিপূৰ্বে মৃত্যু ঘটা যুৱতীগৰাকীৰ । তাৰপাচত হঠাতেই যুৱতীগৰাকী অসুস্থ বুলি লগত থকা লোকসকলে হাস্পতালত ভৰ্তি কৰোৱায় । কিন্তু চিকিৎসাধীন অৱস্থাতে যুৱতীগৰাকীৰ মৃত্যু হোৱাৰ পাছতেই হাস্পতালৰ পৰা পলায়নৰ চেষ্টা চলায় যুৱতীগৰাকীক হাস্পতাললৈ লৈ অহা যুৱক-যুৱতীসকলে ।

unimex

হাস্পতালৰ নিৰাপত্তাৰক্ষীয়ে এগৰাকী যুৱতীক আটক কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে আন কেইগৰাকীমানৰ সন্ধানত আৰক্ষীয়ে বৰ্তমানো অভিযান চলাই আছে । এজন যুৱকৰ ঘৰত আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই যুৱকজন পলায়ন কৰা বুলিও ৰহস্যঘন তথ্য পোহৰলৈ আহিছে ।

ইয়াৰ পাছতেই অঞ্চলবাসীৰ মনত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে । অন্বেষাৰ আচলতে কি হৈছিল অথবা লগৰীয়াসকলে অন্বেষাৰ মৃত্যু ঘটাৰ পাচতে কিয় পলায়নৰ চেষ্টা কৰিছিল তাকে লৈ এতিয়া আৰক্ষীৰ লগতে পৰিয়ালৰ মনতো বহু প্ৰশ্নৰ উদ্ভৱ হৈছে । ঘটনাটোৰ প্ৰকৃত কাৰণ উদঘাটনৰ বাবে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।

Leave A Reply

Your email address will not be published.

Translate »