গুৱাহাটীৰ ABC পইণ্টত পুৱতি নিশা বিধ্বংসী অগ্নিকাণ্ড, জ্বলি ছাই লাখ-লাখ টকাৰ সামগ্ৰী
গুৱাহাটী মহানগৰীৰ মাজমজিয়াত থকা ABC পইণ্টত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। ORION PALACE নামৰ অভিজাত বহুতলীয়া ভৱনটোত হঠাৎ জুইৰ সূত্ৰপাত হয়।
প্ৰাথমিক তথ্য অনুসৰি, ভৱনটোৰ ষষ্ঠ মহলাত থকা Waves Spa & Saloon ত প্ৰথমে জুইৰ সূত্ৰপাত ঘটে। মুহূৰ্তৰ ভিতৰতে জুইৰ ভয়ংকৰ লেলিহান শিখাই সমগ্ৰ ষষ্ঠ মহলাটো আগুৰি ধৰে।

এই অগ্নিকাণ্ডৰ ফলত প্ৰতিষ্ঠানখনৰ ভিতৰত থকা লাখ-লাখ টকাৰ মূল্যৱান সামগ্ৰী জ্বলি সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অৱশ্যে কোনো লোক হতাহত হোৱাৰ খবৰ এতিয়ালৈকে পোৱা হোৱা নাই।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ অগ্নি নিৰ্বাপক গাড়ী উপস্থিত হয় আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত বহু কষ্টৰ অন্তত জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়।