Your Mic Your Voice

ৰাজ্য চৰকাৰৰ উদ্যোগত কলাক্ষেত্ৰত নিযুক্তি পত্ৰ বিতৰণ

0

দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৰাজ্য চৰকাৰে এক নিযুক্তি সমাৰোহৰ আয়োজন কৰে। এই অনুষ্ঠানত ৪টা বিভাগৰ মুঠ ৪৩৯ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়।

নিযুক্তি লাভ কৰা বিভাগসমূহ হৈছে শ্ৰমিক কল্যাণ, জলসম্পদ, জনস্বাস্থ্য কাৰিকৰী (PHE) আৰু অসম সমবায় এপেক্স বেংক। ইয়াৰ ভিতৰত কেৱল এপেক্স বেংকতেই ১৭৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছে, যিটো দীৰ্ঘদিনৰ পাছত বেংকটোত হোৱা এক ডাঙৰ নিযুক্তি।

unimex

অনুষ্ঠানত উপস্থিত থাকি এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিৎ ফুকনে কয় যে, এবাৰ বন্ধ হোৱাৰ উপক্ৰম হোৱা বেংকটোৱে এতিয়া পুনৰ নিজৰ গৌৰৱ ঘূৰাই পাইছে আৰু এই নতুন নিযুক্তিয়ে বেংকটোক অধিক শক্তিশালী কৰিব।

২০২১ চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১ লাখ চৰকাৰী চাকৰি দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিল, তাৰ অংশ হিচাপেই ADRE ৰ জৰিয়তে বিগত বছৰসমূহত ৰাজ্যজুৰি বৃহৎ নিযুক্তি অভিযান চলি আহিছে।

Leave A Reply

Your email address will not be published.

Translate »