লাহোৰ গেং-ৰেপ কাণ্ডত ইছহাক দাৰৰ নাতিসহ ৮ অভিযুক্তৰ বিৰুদ্ধে চাৰ্জশ্বীট
লাহোৰত দুগৰাকী বিদেশী মহিলাক গেং-ৰেপ কৰা গোচৰত পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী তথা বিদেশ মন্ত্ৰী ইছহাক দাৰৰ নাতিসহ মুঠ ৮ জন অভিযুক্তৰ বিৰুদ্ধে আদালতে অভিযোগ গঠন কৰিছে।
লাহোৰৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ ৰফাকত আলী গণ্ডলে মঙলবাৰে অভিযুক্তসকলৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম কৰে। অভিযুক্তসকলে নিজকে নিৰ্দোষী বুলি দাবী কৰে। আদালতে ৯ ডিচেম্বৰত সাক্ষী উপস্থিত কৰিবলৈ অভিযোজন পক্ষক নিৰ্দেশ দিছে।

অভিযোগ অনুসৰি, যোৱা জুন মাহত ব্যৱসায়িক ভ্ৰমণত লাহোৰলৈ অহা নেডাৰলেণ্ডছৰ এগৰাকী আৰু ভেনেজুৱেলাৰ এগৰাকী মহিলাক অপহৰণ কৰি গেং-ৰেপ কৰা হৈছিল। চিকিৎসা পৰীক্ষাত দুয়োগৰাকী মহিলা ধৰ্ষণৰ বলি হোৱা বুলি নিশ্চিত হয়।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে পঞ্জাব আৰক্ষীয়ে ইছহাক দাৰৰ নাতি ৰজা দাৰসহ ৫ জনক ক্লিন চিট দিছিল। আৰক্ষীয়ে ৰজা দাৰৰ ৩ জন নিম্ন বেতনভোগী কৰ্মচাৰীৰ বিৰুদ্ধেহে ধৰ্ষণৰ অভিযোগ আনিছিল। কিন্তু আদালতে সকলো ৮ জনৰ বিৰুদ্ধেই অভিযোগ গঠন কৰে।
বৰ্তমান সকলো অভিযুক্ত ন্যায়িক জিম্মাত আছে।