পেৰিছত G7 ৰ চকু এতিয়া ইউক্ৰেইনত, আনফালে আবুধাবিত আৰম্ভ আমেৰিকাৰ মধ্যস্থতাত শান্তি আলোচনা
বিশ্বৰ শক্তিশালী ৭ খন দেশৰ গোট G7 ৰ বৈঠক এতিয়া পেৰিছত। আৰু এইবাৰ বৈঠকৰ মূল বিষয় হৈছে ইউক্ৰেইন।
ৰাছিয়া-ইউক্ৰেইন যুদ্ধই এতিয়া দীঘলীয়া ৰূপ লৈছে। যুদ্ধৰ ফলত ইউক্ৰেইনত সাধাৰণ মানুহৰ জীৱন একেবাৰে বিপৰ্যস্ত হৈ পৰিছে। এই পৰিস্থিতিত ইউক্ৰেইনক কেনেকৈ সহায় কৰিব পাৰি, শান্তি কেনেকৈ ঘূৰাই আনিব পাৰি – সেই লৈয়ে পেৰিছত গভীৰ আলোচনা চলিছে।

আনফালে, ঠিক একে সময়তে আবুধাবিত আৰম্ভ হৈছে আন এক গুৰুত্বপূৰ্ণ বৈঠক। আমেৰিকাৰ মধ্যস্থতাত তাত শান্তি আলোচনা চলিছে।
এই আলোচনাত যুদ্ধ বন্ধ কৰা, দুয়ো পক্ষৰ মাজত বুজাবুজি গঢ়া আৰু স্থায়ী শান্তিৰ পথ বিচৰাৰ চেষ্টা চলিছে।
এতিয়া সকলোৰে চকু দুয়োটা বৈঠকতে। পেৰিছত G7 ৰ সিদ্ধান্তই আৰু আবুধাবিৰ আলোচনাই ইউক্ৰেইনৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব বুলি আশা কৰা হৈছে।