Your Mic Your Voice

কাজিৰঙাৰ দক্ষিণাঞ্চলৰ ষষ্ঠ সংযোজনত বাঢ়িছে গঁড়, হাতী, বাঘৰ সংখ্যা

0

জামুগুৰিহাটৰ দক্ষিণ প্ৰান্তত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাত শেহতীয়াকৈ গঁড়, হাতী, বাঘকে ধৰি বন্যপ্ৰাণীৰ সংখ্যা উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। অসমৰ পৰ্যটন মানচিত্ৰত এই ষষ্ঠ সংযোজনৰ সম্ভাৱনা অপৰিসীম।

unimex

ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা মূল কাজিৰঙাৰ ভূখণ্ডতকৈ উত্তৰ পাৰে থকা ষষ্ঠ সংযোজনৰ মাটিকালি অধিক। বন বিভাগে পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিলে অসমৰ পৰ্যটন ক্ষেত্ৰত ষষ্ঠ সংযোজনে এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিব।

উল্লেখযোগ্য যে জামুগুৰিহাট আৰু চতিয়াৰ দক্ষিণাঞ্চলত অৱস্থিত কাজিৰঙাৰ এই ষষ্ঠ সংযোজনে শেহতীয়াকৈ পৰ্যটন ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে।

Leave A Reply

Your email address will not be published.

Translate »