Your Mic Your Voice

আবুধাবিত আমেৰিকাৰ মধ্যস্থতাত ৰাছিয়া-ইউক্ৰেইনৰ দ্বিতীয় দিনৰ আলোচনা

0

ৰাছিয়াৰ সম্পূৰ্ণ আক্ৰমণৰ পৰা আৰম্ভ হোৱা প্ৰায় ৫ বছৰীয়া যুদ্ধ অন্ত পেলোৱাৰ উপায় বিচাৰি বুধবাৰে মস্কো আৰু কিয়েভৰ প্ৰতিনিধি দলে আবুধাবিত আমেৰিকাৰ মধ্যস্থতাত দ্বিতীয় দিনৰ বাবে আলোচনাত মিলিত হয়।

৯ মাহৰ পিছত প্ৰথমবাৰৰ বাবে হোৱা এই বৈঠকত ডাঙৰ সফলতাৰ আশা কম যদিও আমেৰিকাৰ বিষয়াসকলে শান্তি প্ৰচেষ্টা পুনৰুজ্জীৱিত কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ বুলি কৈছে।

ইউক্ৰেইনৰ প্ৰতিনিধি দলৰ নেতা তথা বৈদেশিক চোৰাংচোৱা সেৱাৰ মুৰব্বী ৰুস্তেম উমেৰভে ছ’চিয়েল মিডিয়াত কয়, “আমি আলোচনাৰ দ্বিতীয় দিন আৰম্ভ কৰিছোঁ।”

unimex

মঙলবাৰে সংযুক্ত আৰৱ আমিৰশ্বাহীৰ ৰাজধানীত নিৰপেক্ষ স্থান হিচাপে প্ৰতিনিধিসকলে ৪ ঘণ্টা ধৰি বৈঠকত মিলিত হয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ জোঁৱাই জাৰেড কুশনাৰ আৰু দূত ষ্টিভ ৱিটকফে এই আলোচনাৰ মধ্যস্থতা কৰিছে।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে মঙলবাৰৰ অধিবেশনক “গঠনমূলক আৰু যথেষ্ট গুৰুত্বপূৰ্ণ” বুলি অভিহিত কৰে। তেওঁ কয়, আলোচনা মূলতঃ মানৱীয় বিষয়ক লৈ হৈছিল — য’ত বন্দী বিনিময়, বন্দী অৱস্থাত থকা ইউক্ৰেইনৰ সাধাৰণ নাগৰিকক ঘূৰাই অনা আৰু দেশৰ পৰা লৈ যোৱা শিশুসকলৰ প্ৰসংগ আছিল।

দ্বিতীয় দিনা সুৰক্ষাৰ নিশ্চয়তা, ভূখণ্ডৰ বিষয়, কৃষ্ণ সাগৰ আৰু শক্তি আন্তঃগাঁথনিৰ যুদ্ধবিৰতিৰ দৰে বিষয়ত আলোচনা হোৱাৰ কথা।

Leave A Reply

Your email address will not be published.

Translate »