Your Mic Your Voice

কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণ: CRPF ৰ ৩ জোৱান আহত

0

জম্মু-কাশ্মীৰৰ কুলগাম জিলাত বুধবাৰে বিয়লি সন্ত্ৰাসবাদীয়ে CRPF জোৱানৰ ওপৰত গুলীচালনা কৰে। এই আক্ৰমণত ৩ জন CRPF জোৱান আহত হয়।

আৰক্ষীৰ মতে, প্ৰায় দুপৰীয়া ২:১৫ বজাত মিৰ বজাৰৰ ওচৰৰ আখৰানত CRPFৰ নাকা (চেকপোষ্ট)ত নিয়োজিত জোৱানৰ ওপৰত মটৰচাইকেলত অহা অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰি পলাই যায়।

আহত জোৱানকেইজনক লগে লগে অনন্তনাগ জিলাৰ চিকিৎসালয়লৈ (GMC অনন্তনাগ) প্ৰেৰণ কৰা হয়। আহতসকলৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

unimex

আহত জোৱানকেইজন হৈছে ৰাকেশ দাস, সন্তোষ চন্দ্ৰু আৰু সোমবীৰ সিং। ৰাকেশ দাসৰ ভৰিত, সন্তোষ চন্দ্ৰুৰ পেট আৰু মেৰুদণ্ডত আৰু সোমবীৰ সিঙৰ বাওঁ হাতত গুলী লাগে।

ঘটনাৰ পিছতে সমগ্ৰ অঞ্চল ঘেৰাও কৰি নিৰাপত্তা বাহিনীয়ে ব্যাপক তালাচী অভিযান আৰম্ভ কৰিছে। আক্ৰমণকাৰীক বিচাৰি অভিযান অব্যাহত আছে। এতিয়ালৈকে কোনো সন্ত্ৰাসবাদী সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই।

উল্লেখযোগ্য যে, সেই সময়ত জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাও কুলগাম জিলাতে উপস্থিত আছিল, যদিও তেওঁ আক্ৰমণস্থলীৰ পৰা আঁতৰত আছিল।

Leave A Reply

Your email address will not be published.

Translate »