‘কামৰূপ কামাখ্যা আৰু ৬৪ যোগিনী’ : দক্ষিণ বৰসজাই মৈদাম দুৰ্গা পূজাৰ এইবাৰৰ মূল আকৰ্ষণ
শাৰদীয় দুৰ্গোৎসৱলৈ মাজত আৰু কিছুদিন। গুৱাহাটীৰ লালমাটিস্থিত দক্ষিণ বৰসজাই মৈদাম দুৰ্গা মন্দিৰ ন্যাসৰ উদ্যোগত এইবাৰ অনুষ্ঠিত হ’ব ৩১সংখ্যক সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা পূজা। এইবাৰৰ দুৰ্গা পূজাৰ মূল আকৰ্ষণ হিচাপে নিৰ্বাচন কৰা হৈছে অসমৰ প্ৰাচীন শক্তি সাধনা আৰু আধ্যাত্মিক পৰম্পৰাৰ সৈতে জড়িত এক বিশেষ বিষয়—‘কামৰূপ কামাখ্যা আৰু ৬৪ যোগিনী’।
কামৰূপ-কামাখ্যাক কেন্দ্ৰ কৰি অসমৰ শক্তি উপাসনাৰ যি সুদীৰ্ঘ আৰু চহকী ঐতিহ্য, সেই ঐতিহ্যক সাৰ্বজনীন দুৰ্গা পূজাৰ থিমৰ জৰিয়তে নতুন ৰূপত তুলি ধৰাৰ প্ৰয়াস কৰিছে পূজা উদযাপন সমিতিয়ে। কামাখ্যা অসমৰ লগতে সমগ্ৰ ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ শক্তিপীঠ হিচাপে পৰিচিত। ইয়াৰ সৈতে জড়িত শক্তি সাধনা, তান্ত্ৰিক পৰম্পৰা আৰু যোগিনী সংস্কৃতিৰ বিভিন্ন দিশ থিমৰ জৰিয়তে উপস্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে।
আয়োজকসকলৰ মতে, ইতিহাসে ঢুকি নোপোৱা সুদূৰ অতীতৰ পৰাই অসমত শক্তি উপাসনাৰ এক শক্তিশালী পৰম্পৰা চলি আহিছে। কামৰূপ-কামাখ্যা এই পৰম্পৰাৰ অন্যতম প্ৰধান কেন্দ্ৰ। ৬৪ যোগিনীৰ ধাৰণাও ভাৰতীয় শক্তি সাধনা আৰু তান্ত্ৰিক পৰম্পৰাৰ এক গুৰুত্বপূৰ্ণ অংশ। এই ঐতিহ্যক আধুনিক প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যেই এইবাৰ পূজাৰ মূল থিম হিচাপে বিষয়টো গ্ৰহণ কৰা হৈছে।

অসমৰ আধুনিক সাৰ্বজনীন দুৰ্গা পূজাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ‘কামৰূপ কামাখ্যা আৰু ৬৪ যোগিনী’ক কেন্দ্ৰীয় বিষয় হিচাপে লৈ এনে থিম উপস্থাপনৰ প্ৰয়াস কৰা হৈছে বুলি দক্ষিণ বৰসজাই মৈদাম দুৰ্গা পূজা উদযাপন সমিতিয়ে উল্লেখ কৰে ।
কেৱল পূজাৰ মণ্ডপ সজাই তোলাই নহয়, অসমৰ শক্তি সাধনাৰ ইতিহাস, কামাখ্যাৰ আধ্যাত্মিক পৰম্পৰা আৰু ৬৪ যোগিনীৰ সৈতে জড়িত সাংস্কৃতিক-ধৰ্মীয় ঐতিহ্য সাধাৰণ দৰ্শকৰ সন্মুখত সহজ আৰু আকৰ্ষণীয় ৰূপত উপস্থাপন কৰাই এই থিমৰ মূল উদ্দেশ্য বুলি আয়োজকসকলে জানিবলৈ দিছে।
পূজা সমিতিয়ে আশা প্ৰকাশ কৰিছে যে এইবাৰৰ থিমে দৰ্শকক কেৱল মণ্ডপৰ সৌন্দৰ্য উপভোগৰ সুযোগেই নিদিয়ে, অসমৰ প্ৰাচীন শক্তি সাধনা আৰু আধ্যাত্মিক ঐতিহ্যৰ বিষয়েও নতুন প্ৰজন্মক জানিবলৈ সুযোগ দিব।