ওমানৰ ওচৰত জাহাজত আক্ৰমণ! এজন ভাৰতীয় নাবিকৰ মৃত্যু, ১৩ জনক উদ্ধাৰ
ওমান উপকূলৰ ওচৰত এখন ভাৰতীয় বাণিজ্যিক জাহাজত হোৱা ভয়ংকৰ আক্ৰমণত এজন ভাৰতীয় নাবিকৰ মৃত্যু হৈছে। এই ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে (MEA) জনোৱা মতে, যোৱা ২ নৱেম্বৰ সোমবাৰে সন্ধিয়া ওমানৰ লিমাহ অঞ্চলৰ ওচৰত MSV AL JUSUFI নামৰ ভাৰতীয় পতাকাবাহী জাহাজখনত আক্ৰমণ সংঘটিত হয়। জাহাজখনত মুঠ ১৪ জন ভাৰতীয় নাবিক আছিল।
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনোৱা মতে, জাহাজখন ওমান উপকূলৰ ওচৰেৰে গৈ থকা অৱস্থাত এটা অচিনাকি আকাশী বস্তুৰ (Unidentified Aerial Object) দ্বাৰা আক্ৰমণৰ বলি হয়। আক্ৰমণৰ পিছত জাহাজত থকা ১৩ জন নাবিকে কোনোমতে জাহাজৰ পৰা ওলাই আহিবলৈ সক্ষম হয় আৰু ওমান কোষ্ট গাৰ্ডে তেওঁলোকক উদ্ধাৰ কৰে।

কিন্তু এই আক্ৰমণত গুজৰাটৰ নিবাসী গান্ধাৰ নাহিম আজিজ নামৰ এজন নাবিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু পিছত তেওঁৰ মৃত্যু হয়।
এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে ভাৰত চৰকাৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয়, “আমি ওমানৰ লিমাহৰ ওচৰত MSV AL JUSUFI বাণিজ্যিক জাহাজৰ ওপৰত হোৱা আক্ৰমণক গৰিহণা দিছো। ১৪ জন ভাৰতীয় নাগৰিকৰ ভিতৰত ১৩ জনক উদ্ধাৰ কৰা হৈছে আৰু এজনৰ দুখজনকভাৱে মৃত্যু হৈছে।”
লগতে মন্ত্ৰালয়ে জনাইছে যে ওমানত থকা ভাৰতীয় দূতাবাসে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আৰু উদ্ধাৰ হোৱা ১৩ জন নাবিক আৰু মৃত নাবিকগৰাকীৰ নশ্বৰ দেহ সোনকালে ভাৰতলৈ ঘূৰাই অনাৰ বাবে ওমান চৰকাৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে।
আনহাতে, এই অঞ্চলত বাণিজ্যিক জাহাজৰ ওপৰত হৈ থকা ধাৰাবাহিক আক্ৰমণক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি ভাৰতে পশ্চিম এছিয়াত শান্তি ঘূৰাই অনাৰ বাবে উত্তেজনা হ্ৰাস কৰাৰ আহ্বান জনাইছে।