Your Mic Your Voice

হোজাইৰ HAM হাস্পতালত চৰম গাফিলতিৰ অভিযোগ! ৰোগীক দিলে ম্যাদ উকলি যোৱা ৬৫ দিনীয়া তেজ

0

হোজাই জিলাৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে ৰোগীৰ জীৱনক লৈ হেতালি খেলাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাই সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, হোজাই জিলাৰ লংকাৰ কাকী অঞ্চলৰ পদুম পুখুৰী গাঁৱৰ ডেউ কুমাৰী মুখীয়া নামৰ এগৰাকী মহিলাৰ দেহত তেজৰ অভাৱ হোৱাৰ বাবে যোৱা ৩০ অক্টোবৰত হোজাইৰ HAM হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসকৰ পৰামৰ্শ অনুযায়ী তেওঁক তেজ দিয়াৰ ব্যৱস্থা কৰা হয়।

কিন্তু পৰিয়ালৰ অভিযোগ অনুসৰি, তেজ দিয়াৰ নামত চিকিৎসালয়খনৰ কৰ্তৃপক্ষই ম্যাদ উকলি যোৱা তেজ প্ৰদান কৰে। সাধাৰণতে ৩০ দিনলৈ সংৰক্ষণ কৰিব পৰা তেজৰ সলনি মহিলাগৰাকীক প্ৰায় ৬৫ দিন পুৰণি তেজ দিয়া হৈছিল বুলি পৰিয়ালে দাবী কৰিছে। এই তেজ দিয়াৰ পিছতে মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে।

unimex

পৰিয়ালৰ লোকে বিষয়টো লক্ষ্য কৰি লগে লগে হাস্পতাল কৰ্তৃপক্ষক অৱগত কৰে। আনকি তেজৰ বটলটোৰ ভিডিঅ’ও প্ৰমাণ হিচাপে ৰাখে। পিছত এগৰাকী নাৰ্ছে আহি তেজ দিয়াটো বন্ধ কৰি এটা বেজী দিয়ে, যাৰ পিছত মহিলাগৰাকীৰ অৱস্থা কিছু উন্নত হয়।

এই ঘটনাৰ পিছত আতংকিত হৈ পৰিয়ালৰ লোকে যোৱা ১ নৱেম্বৰত ৰোগীগৰাকীক হাস্পতালৰ পৰা ঘৰলৈ লৈ যায়।

উন্নত চিকিৎসাৰ আশাত ৰাইজে ব্যক্তিগত চিকিৎসালয়লৈ যায়, কিন্তু তেজ প্ৰদানৰ দৰে সংবেদনশীল বিষয়ত এনে গাফিলতি অত্যন্ত উদ্বেগজনক। এতিয়া প্ৰশ্ন হয়, ব্যক্তিগত চিকিৎসালয়ৰ সেৱাৰ মানদণ্ড আৰু তেজ সংৰক্ষণ ব্যৱস্থাৰ ওপৰত স্বাস্থ্য বিভাগে কঠোৰ পদক্ষেপ ল’বনে? সচেতন মহলে ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে।

Leave A Reply

Your email address will not be published.

Translate »