Your Mic Your Voice

ইৰানে মুকলি কৰিলে ডোনাল্ড ট্ৰাম্পক হত্যাৰ ভাবুকি দিয়া বিশাল বিলবোৰ্ড, তেহৰাণত চাঞ্চল্য

0

ইৰানে মঙলবাৰে তেহৰাণৰ মাজমজিয়াত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক হত্যাৰ ভাবুকি দিয়া এখন বিশাল বিলবোৰ্ড মুকলি কৰি বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ৰাজধানীৰ ব্যস্ত এনকেলাব স্কোৱাৰত লগোৱা এই বিলবোৰ্ডখনত লিখা আছে “We will kill Trump”। বিলবোৰ্ডখনত ট্ৰাম্পক জেলৰ আঁৰত মূৰ দোঁৱাই থকা অৱস্থাত দেখুওৱা হৈছে।

unimex

জানিব পৰা মতে, যোৱা ২৮ ফেব্ৰুৱাৰীত আমেৰিকা-ইজৰাইলৰ আক্ৰমণত ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুৰ পিছৰ পৰা তেহৰাণত এনে ট্ৰাম্প বিৰোধী বিলবোৰ্ড আৰু প্ৰদৰ্শনী লগোৱা হৈ আহিছে।

তাজৰিছ স্কোৱাৰত আন এক প্ৰদৰ্শনীত ট্ৰাম্পৰ মুখত বোমা, তেজেৰে লুতুৰি-পুতুৰি মুখ আৰু জেলত ভৰাই থোৱা প্ৰতিকৃতিও প্ৰদৰ্শন কৰা হৈছে। আনকি এজন অভিনেতাই ট্ৰাম্পৰ ৰূপ লৈ জেলৰ ভিতৰত বহি থকাও দেখা গৈছে।

ইৰানে অভিযোগ কৰিছে যে ট্ৰাম্পে যুদ্ধৰ সময়ত স্কুল আৰু বিয়াৰ অনুষ্ঠানৰ দৰে অসামৰিক স্থানত ইচ্ছাকৃতভাৱে আক্ৰমণ কৰি বহু মহিলা আৰু শিশুকে ধৰি বহু লোকক হত্যা কৰিছে।

Leave A Reply

Your email address will not be published.

Translate »