বিশ্বনাথত হৃদয়বিদাৰক ঘটনা: পুখুৰীত পৰি নাতি-আইতাৰ সলিল সমাধি
বিশ্বনাথ: বিশ্বনাথত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। পুখুৰীত পৰি এটি সাত বছৰীয়া শিশুসহ আইতাকৰ কৰুণ মৃত্যু ঘটিছে। এই ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে ।
জানিব পৰা মতে, বৃহস্পতিবাৰে সন্ধিয়া বিশ্বনাথৰ শিৱপুৰত সংঘটিত হয় এই কৰুণ ঘটনা। ঘৰত কোনো নথকা সময়ত উজ্জ্বল মাঝি নামৰ সাত বছৰীয়া শিশুটিয়ে খেলি থকা অৱস্থাত হঠাৎ ঘৰৰ ওচৰৰ পুখুৰীত পৰি যায় ।
নাতি পুখুৰীত পৰি যোৱা দেখি তেওঁক উদ্ধাৰ কৰিবলৈ ৬০ বছৰীয়া আইতাক মালতী মাঝিয়ে পুখুৰীত নামি যায়। কিন্তু দুৰ্ভাগ্যবশতঃ নাতিক উদ্ধাৰ কৰিবলৈ গৈ আইতাকো পানীত ডুব যায়। ফলত দুয়োৰে মৃত্যু ঘটে ।

সন্ধিয়া পৰিয়ালৰ লোকসকলে কামৰ পৰা ঘৰলৈ উভতি আহি দুয়োকে বিচাৰি নাপাই বিচাৰ-খোচাৰ আৰম্ভ কৰে। পিছত পুখুৰীত উজ্জ্বল মাঝি আৰু মালতী মাঝিৰ মৃতদেহ উদ্ধাৰ কৰা হয় ।
ঘটনাৰ খবৰ পোৱাৰ পিছতে বিশ্বনাথ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰাৰ লগতে দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰে ।
এটি শিশুক উদ্ধাৰ কৰিবলৈ গৈ আইতাকেও প্ৰাণ হেৰুওৱা এই ঘটনাই শিৱপুৰ অঞ্চলত গভীৰ শোকৰ সৃষ্টি কৰিছে ।