হাজোৰ ফকীৰটোলাত গেছ চিলিণ্ডাৰ চুৰি কাণ্ড: চোৰক আটক আৰক্ষীৰ
হাজো : হাজোৰ ফকীৰটোলা অঞ্চলত সংঘটিত এক গেছ চিলিণ্ডাৰ চুৰি কাণ্ডই স্থানীয় ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, চৈয়দ নজৰুল ইছলাম নামৰ লোকজনৰ বাসগৃহৰ তলা ভাঙি দুৰ্বৃত্তই এটা গেছ ভৰ্তি চিলিণ্ডাৰ চুৰি কৰি লৈ যায়।
ঘটনাৰ বিৱৰণী অনুসৰি, আজি পুৱা গৃহস্থই নিজৰ ঘৰত চিলিণ্ডাৰটো নেদেখি বিচাৰ-খোচাৰ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছতে সন্দেহৰ আধাৰত স্থানীয় যুৱক ৰুমিন হুছেইনক সোধাপোছা কৰা হয়। সোধাপোছাৰ সময়ত ৰুমিন হুছেইনে চিলিণ্ডাৰটো চুৰি কৰা কথা স্বীকাৰ কৰে। লগতে, চুৰি কৰা চিলিণ্ডাৰটো ধীৰাজ নামৰ আন এজন যুৱকৰ ওচৰত বিক্ৰী কৰা বুলিও তেওঁ স্বীকাৰোক্তি প্ৰদান কৰে।
এই ঘটনাৰ পিছতে ভুক্তভোগী গৃহস্থই হাজো আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে। অভিযোগৰ ভিত্তিত হাজো আৰক্ষীয়ে ততাতৈয়াকৈ ব্যৱস্থা গ্ৰহণ কৰি চোৰ ৰুমিন হুছেইনক আটক কৰে। বৰ্তমান আৰক্ষীয়ে ঘটনাটোৰ সৈতে জড়িত আন দিশসমূহ আৰু বিক্ৰী কৰা চিলিণ্ডাৰটো উদ্ধাৰৰ বাবে তদন্ত অব্যাহত ৰাখিছে।
