উত্তৰাখণ্ডৰ যোশীমঠৰ ওচৰত ৬ জন যাত্ৰীসহ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত
আজি ৩০ অক্টোবৰ, শুকুৰবাৰে উত্তৰাখণ্ডৰ যোশীমঠত এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হয়।
দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনত পাইলটসহ মুঠ ৬ জন লোক আছিল। হেলিকপ্টাৰখন বদ্ৰীনাথৰ পৰা দেহৰাডুন অভিমুখে গৈ আছিল। দিনৰ প্ৰায় ২:২০ বজাত যোশীমঠৰ চাই গাঁৱৰ ওচৰত JP Power House ৰ সমীপৰ পাহাৰত হেলিকপ্টাৰখনে খুন্দা মাৰে।
জানিব পৰা মতে, হেলিকপ্টাৰখন Trans Bharat Aviation ৰ VT-HCX। হেলিকপ্টাৰখনে ১:১৪ বজাত বদ্ৰীনাথৰ পৰা উৰা মাৰিছিল। ইয়াৰ কিছু সময়ৰ পাছতে হাতী পৰ্বতৰ ওচৰত হেলিকপ্টাৰখনৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে।
হেলিকপ্টাৰত থকা লোকসকল:

- পাইলট: কেপ্টেইন হিমাংশু
- যাত্ৰী: প্ৰতাপা, অৰুণ, শংকৰ গৌড়া, সুধীৰ K, HS নাটৰাজা (৫ জনেই বেংগালুৰুৰ বাসিন্দা বুলি জানিব পৰা গৈছে)
ইফালে ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিয়ে X যোগে জনাইছে যে জিলা প্ৰশাসন, SDRF, আৰ্মি আৰু ITBP এ যুটীয়াভাৱে উদ্ধাৰ অভিযান চলাই আছে। বেয়া বতৰৰ বাবে উদ্ধাৰ অভিযানত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে।
দুৰ্ঘটনাৰ পিছতে Trans Bharat Aviation ৰ সকলো হেলিকপ্টাৰ সেৱা বন্ধ কৰি দিয়া হৈছে।
শেষ খবৰ পোৱালৈকে হেলিকপ্টাৰত থকা আটাই ৬ জন লোকৰে মৃত্যুৰ আশংকা কৰা হৈছে, যদিও এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।