১৫ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰিলে গ্ৰীচে
১ জানুৱাৰী ২০২৭ৰ পৰা কাৰ্যকৰী হ’ব আইন, কোম্পানীক কঠোৰ বয়স পৰীক্ষাৰ নিৰ্দেশ
শিশুৰ মানসিক স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এক ডাঙৰ সিদ্ধান্ত লৈছে গ্ৰীচে।
গ্ৰীচৰ সংসদে শুকুৰবাৰে ১৫ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া ব্যৱহাৰ নিষিদ্ধ কৰি এখন বিধেয়ক গৃহীত কৰে। এই আইনখন ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব।

প্ৰধানমন্ত্ৰী কিৰিয়াক’ছ মিৎছ’টাকিছে যোৱা এপ্ৰিলত এই নিষেধাজ্ঞাৰ পৰিকল্পনা ঘোষণা কৰিছিল। তেওঁৰ কনজাৰভেটিভ নিউ ডেমক্ৰেচি পাৰ্টীয়ে নিজৰ সংখ্যাগৰিষ্ঠতাৰে এই বিল গৃহীত কৰে।
নতুন আইন অনুসৰি ছ’চিয়েল নেটৱৰ্ক কোম্পানীসমূহে বয়স পৰীক্ষাৰ ব্যৱস্থা কৰিব লাগিব আৰু নিয়ম উলংঘা কৰিলে কঠোৰ জৰিমনা ভৰিব লাগিব। প্ৰধানমন্ত্ৰীয়ে কোম্পানীসমূহক ব্যৱহাৰকাৰীৰ বয়স পৰীক্ষা আৰু গোপনীয়তা সুৰক্ষাৰ বাবে আঢ়ৈ মাহৰ সময় দিছে।
গ্ৰীচে কৈছে যে, এই পদক্ষেপে অভিভাৱকসকলক সহায় কৰিব আৰু শিশুৰ টোপনি, মনোযোগ আৰু বন্ধুৰ সৈতে সময় কটোৱাৰ ক্ষেত্ৰত বাধা দিয়া ‘অন্তহীন স্ক্ৰলিং’ ৰোধ কৰিব।
উল্লেখ্য যে, যোৱা বছৰ অষ্ট্ৰেলিয়াই ১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰি বিশ্বৰ প্ৰথমখন দেশ হৈছিল। এতিয়ালৈকে ২০খনতকৈও অধিক দেশে এনে আইন প্ৰণয়ন কৰিছে।