Your Mic Your Voice

খৰুপেটীয়াত মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰা যুৱক গ্ৰেপ্তাৰ

0

ছ’চিয়েল মিডিয়াত মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰাৰ অভিযোগত আৰক্ষীয়ে এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। ধৃত যুৱকজনৰ নাম চাইফুদ্দিন আহমেদ বুলি জানিব পৰা গৈছে।

খৰুপেটীয়াৰ চাইফুদ্দিন আহমেদ নামৰ যুৱকজনে ছ’চিয়েল মিডিয়াত এটা ৰীল প্ৰচাৰ কৰিছিল। সেই ৰীলটোত তেওঁ মা দুৰ্গা সন্দৰ্ভত অতি নিন্দনীয় আৰু অশ্লীল ভাষা ব্যৱহাৰ কৰিছিল। ৰীলটো ভাইৰেল হোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

unimex

ইয়াৰ পিছতে খৰুপেটীয়াৰ হিন্দু সংগঠনসমূহে একগোট হৈ খৰুপেটীয়া থানাত অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। তেওঁলোকে অভিযোগ কৰে যে অভিযুক্তই ধৰ্মীয় অনুভূতিত আঘাত হানিছে আৰু সমাজত অশান্তিৰ সৃষ্টি কৰিব বিচাৰিছে।

এজাহাৰৰ ভিত্তিত খৰুপেটীয়া আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই অভিযুক্ত চাইফুদ্দিন আহমেদক আটক কৰে। পিছত তেওঁক জেললৈ প্ৰেৰণ কৰা হয়।

Leave A Reply

Your email address will not be published.

Translate »