Your Mic Your Voice

বিজ্ঞানীসকলৰ SIR বাতিলৰ দাবী, ‘ভোটাধিকাৰ খৰ্ব কৰা প্ৰক্ৰিয়া’ বুলি আখ্যা

0

নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰক পত্ৰ, ভুলকৈ কৰ্তন হোৱা ভোটাৰৰ নাম পুনৰ সংযোগৰ দাবী

দেশৰ ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (SIR) প্ৰক্ৰিয়াক লৈ তীব্ৰ বিতৰ্কৰ মাজতে এতিয়া সৰৱ হৈছে বৈজ্ঞানিক সমাজ।

SIR প্ৰক্ৰিয়াক ‘ভোটাধিকাৰ খৰ্ব তথা ভোটাৰক বঞ্চিত কৰা প্ৰক্ৰিয়া’ (disenfranchisement exercise) আখ্যা দি ইয়াক বাতিল কৰাৰ দাবীত ভাৰতৰ নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰীয় চৰকাৰলৈ মুকলি আবেদন জনাইছে ১৩০ৰো অধিক বিজ্ঞানীয়ে।

unimex

২৩ অক্টোবৰত প্ৰকাশিত এই আবেদন পত্ৰত IISc বাংগালুৰু, IIT দিল্লীকে ধৰি দেশৰ আগশাৰীৰ গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানী আৰু গৱেষকে স্বাক্ষৰ কৰিছে। তেওঁলোকে স্পষ্ট কৰিছে যে এই স্থিতি তেওঁলোকৰ ব্যক্তিগত, কোনো প্ৰতিষ্ঠানৰ আনুষ্ঠানিক মতামত নহয়।

আবেদনত কোৱা হৈছে যে, গণতন্ত্ৰৰ মূল ভেটি হৈছে ভোটাধিকাৰ। উচিত পৰীক্ষা আৰু প্ৰক্ৰিয়া অবিহনে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিলে বহু যোগ্য নাগৰিক গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ পৰা আঁতৰি যাব। সেয়ে ভুলকৈ কৰ্তন হোৱা সকলো ভোটাৰৰ নাম তৎকালে পুনৰ সংযোগ কৰিব লাগে।

উল্লেখ্য যে SIRৰ বিৰুদ্ধে আজি দিল্লীত কৃষক, ছাত্ৰ সংগঠন আৰু নাগৰিক সমাজৰ উদ্যোগত ‘People Against SIR’ৰ বেনাৰত নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ এক বৃহৎ প্ৰতিবাদী সমদল উলিওৱা হৈছে। সংগঠনটোৱে ১৩.৪১ কোটি ভোটাৰৰ নাম কৰ্তন হোৱা বুলি দাবী কৰি SIR বাতিলৰ দাবী জনাইছে।

Leave A Reply

Your email address will not be published.

Translate »