Your Mic Your Voice

VB-G RAM G আইনৰ অধীনত অভিযোগ নিষ্পত্তিৰ নিয়মাৱলী জাননী, ১৫ দিনৰ ভিতৰত সমাধানৰ সময়সীমা বান্ধি দিলে কেন্দ্ৰই

0

কেন্দ্ৰীয় চৰকাৰে Viksit Bharat-Guarantee for Rozgar and Ajeevika Mission (Gramin) অৰ্থাৎ VB-G RAM G আইন, ২০২৫ৰ অধীনত অভিযোগ নিষ্পত্তিৰ নতুন নিয়মাৱলী জাননী কৰিছে। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ে আজি ২ নৱেম্বৰত এই Grievance Redressal Rules, 2026 জাননী কৰে।

নতুন নিয়ম অনুসৰি গ্ৰামীণ নিয়োগ আঁচনিৰ ৰূপায়ণৰ সৈতে জড়িত যিকোনো অভিযোগ ১৫ দিনৰ ভিতৰত নিষ্পত্তি কৰিব লাগিব।

কি আছে নতুন নিয়মত?

১. তিনি স্তৰীয় ব্যৱস্থা:ৰাজ্য চৰকাৰসমূহে গ্ৰাম পঞ্চায়ত, ব্লক আৰু জিলা পৰ্যায়ত অভিযোগ নিষ্পত্তিৰ ব্যৱস্থা গঢ়ি তুলিব লাগিব। প্ৰতিটো স্তৰতে এজনকৈ Grievance Redressal Officer নিযুক্ত কৰা হ’ব। 9696

unimex

২. সময়সীমা:অভিযোগ পোৱাৰ ৭ কৰ্মদিনৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰিব লাগিব আৰু ১৫ দিনৰ ভিতৰত অভিযোগৰ সমাধান কৰিব লাগিব। 9696

৩. অভিযোগ দাখিলৰ পদ্ধতি:যিকোনো ব্যক্তিয়ে ব্যক্তিগতভাৱে, স্পীড পোষ্ট, নিৰ্ধাৰিত ডিজিটেল প্লেটফৰ্ম, টেলিফোন হেল্পলাইনৰ জৰিয়তে অভিযোগ দাখিল কৰিব পাৰিব।

৪. ডিজিটেল ট্ৰেকিং:হাতেৰে পোৱা অভিযোগো সেইদিনাই বা পিছদিনাৰ ভিতৰত ডিজিটেল প্লেটফৰ্মত পঞ্জীয়ন কৰিব লাগিব। ভাষা, ফৰ্মেট বা জমা দিয়াৰ পদ্ধতিৰ বাবে কোনো অভিযোগৰ পঞ্জীয়ন নাকচ কৰিব নোৱাৰিব।

৫. Escalation:যদি ১৫ দিনৰ ভিতৰত অভিযোগৰ সমাধান নহয়, তেন্তে সেয়া স্বয়ংক্ৰিয়ভাৱে পৰৱৰ্তী উচ্চ স্তৰলৈ প্ৰেৰণ কৰা হ’ব আৰু নিষ্পত্তি নোহোৱালৈকে ইলেক্ট্ৰনিকভাৱে নিৰীক্ষণ কৰা হ’ব।

Leave A Reply

Your email address will not be published.

Translate »