Your Mic Your Voice

শিৱসাগৰৰ ঐতিহাসিক যমুনা ৰক্ষাৰ বাবে ৰাজপথত আটাছু, অব্যাহত তৃতীয় দিনৰ উচ্ছেদ অভিযান

0

ঐতিহাসিক যমুনাৰ বেদখল মুক্ত কৰিবলৈ ৰাজপথত নামিছে সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু)।

২৯ অক্টোবৰৰ পৰা আটাছুৱে যমুনাত চলাই আহিছে উচ্ছেদ অভিযান। আজি তৃতীয় দিনাও যমুনাৰ পশ্চিম পাৰত থকা বেদখলকৃত ভূমিত অভিযান অব্যাহত ৰাখে সংগঠনটোৱে। এই অভিযানত বেদখলকাৰীয়ে অস্থায়ীভাৱে নিৰ্মাণ কৰা ছাগলীৰ গৰাল আৰু অন্যান্য স্থায়ী নিৰ্মাণ ভাঙি পেলোৱা হয়।

জানিব পৰা মতে, প্ৰায় তিনিশ বছৰ পুৰণি শিৱসাগৰ নগৰৰ বৰপুখুৰী, শিৱদৌল, দেৱীদৌল আৰু বিষ্ণুদৌলৰ জীৱনৰেখা হৈছে যমুনা। এই পুখুৰী আৰু দৌলকেইটাৰ পৰিৱেশ তন্ত্ৰৰ লগত যমুনাৰ নিবিড় সম্পৰ্ক আছে। কিন্তু বৰ্তমান যমুনা বেদখলৰ বাবে ঐতিহাসিক সম্পদসমূহ সংকটত পৰাৰ আশংকা কৰা হৈছে।

unimex

আটাছুৱে ২০০৪ চনত সীমা নিৰ্ধাৰণ কৰি থোৱা যমুনাৰ ভূমি বেদখলমুক্ত কৰাৰ দাবীত এই অভিযান চলাইছে।

আনহাতে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ নেতৃত্বত জলসম্পদ বিভাগৰ পৃষ্ঠপোষকতাত ৯.২৭ কোটি টকা ব্যয় সাপেক্ষে যমুনাৰ সৌন্দৰ্যবৰ্ধনৰ কাম হাতত লোৱা হৈছে। কিন্তু তাৰ আগতে যমুনাৰ সীমা নিশ্চিত কৰা হোৱা নাই বুলি অভিযোগ আটাছুৰ। ২০০৪ চনৰ ভিত্তিত সীমা সুৰক্ষিত কৰাৰ দাবী জনাইছে সংগঠনটোৱে।

আটাছুৱে স্পষ্টকৈ জনাইছে, ঐতিহ্যৰ সৈতে কাকো খেলা কৰিবলৈ দিয়া নহ’ব। যমুনাৰ বেদখল উচ্ছেদ হ’বই লাগিব। দাবী পূৰণ নহ’লে ৬ নৱেম্বৰত শিৱসাগৰ জিলা বন্ধৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি সংগঠনটোৱে সকীয়াই দিছে।

Leave A Reply

Your email address will not be published.

Translate »