প্ৰেমিকাৰ ওপৰত বেল্টেৰে আক্ৰমণ; স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ যুৱতী
যোৰহাটঃ ৰাজ্য কঁপাই যোৱা নিমিষা কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই যোৰহাটত সংঘটিত এক ঘটনাই পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৰহাটৰ ককিলামুখত ব্ৰহ্মপুত্ৰৰ কাষত এগৰাকী যুৱতীক তেওঁৰ প্ৰেমিকে বেল্টেৰে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।
জানিব পৰা মতে, প্ৰায় ১০ বছৰ ধৰি যুৱকজন আৰু যুৱতীগৰাকীৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল। অভিযোগ অনুসৰি, আন এজন যুৱকৰ সৈতে যুৱতীগৰাকীৰ সম্পৰ্ক থকা বুলি সন্দেহ কৰি যুৱকজনে তেওঁক ফুৰাবলৈ নিয়াৰ অজুহাতত ঘৰৰ পৰা উলিয়াই আনে। পৰৱৰ্তী সময়ত ককিলামুখৰ ব্ৰহ্মপুত্ৰৰ পাৰলৈ লৈ গৈ যুৱতীগৰাকীক বেল্টেৰে উপর্যুপৰি প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

ঘটনাটো স্থানীয় একাংশ লোকে প্ৰত্যক্ষ কৰাৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। স্থানীয় লোকসকলে তৎপৰতাৰে যুৱতীগৰাকীক উদ্ধাৰ কৰি ঘটনাৰ বিষয়ে নিমাতী আৰক্ষী চকীত খবৰ দিয়ে। খবৰ লাভ কৰাৰ পাছতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়।
ইতিমধ্যে আৰক্ষীয়ে যুৱক আৰু যুৱতী দুয়োকে সোধা-পোছাৰ বাবে আৰক্ষী চকীলৈ নিয়ে। ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু যুৱকজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সত্যতা আৰক্ষীৰ তদন্তৰ পাছতহে স্পষ্ট হ’ব।