বজালীৰ কালদিয়া নৈত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ
পাঠশালা: বজালীৰ কালদিয়া নৈত আজি এগৰাকী সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। উপৰনৈ গাঁৱৰ সমীপত নৈৰ পানীত মৃতদেহটো প্ৰত্যক্ষ কৰে নৈপাৰত বাঁহ কাটিবলৈ অহা এজন ব্যক্তিয়ে।
পাছত মৃতদেহটো বজালীৰ বামুনকুছি (ডেকাপাৰা চুপা)ৰ ২৬ বছৰীয়া সঞ্জীৱ ডেকাৰ বুলি চিনাক্ত কৰা হয়। পৰিয়ালৰ লোকে মৃতদেহটো চিনাক্ত কৰে।
জানিব পৰা মতে, দেওবাৰৰ পৰা সন্ধানহীন হৈ আছিল সঞ্জীৱ ডেকা। তেওঁ কেনেদৰে কালদিয়া নৈত উপস্থিত হ’ল আৰু মৃত্যুৰ প্ৰকৃত কাৰণ কি, সেই বিষয়ে এতিয়াও স্পষ্ট হোৱা নাই।

খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত পাঠশালা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল হাস্পতাললৈ প্ৰেৰণ কৰিছে।
মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পাছতহে যুৱকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব বুলি আশা কৰা হৈছে। ঘটনাটোক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।