Your Mic Your Voice

ইজৰাইলত নেতানিয়াহুক উৎখাত কৰিবলৈ নীৰৱে আহ্বান গাদি আইজেনকটৰ

0

জেৰুজালইজৰাইলত প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক গাদীৰ পৰা আঁতৰাব পৰা ব্যক্তি হিচাপে উত্থান হৈছে প্ৰাক্তন সেনা প্ৰধান গাদি আইজেনকটৰ।

৬৬ বছৰীয়া আইজেনকটে সদায় ক’লা কাপোৰ পিন্ধে, ভঙা-ভঙা ইংৰাজী কয় আৰু সাক্ষাৎকাৰত সামৰিক শৈলীত পইণ্ট আকাৰে উত্তৰ দিয়ে। তেওঁৰ এই গাম্ভীৰ্য আৰু সাধাৰণ ৰূপটোৱেই হৈছে তেওঁৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ।

নেতানিয়াহুৰ বিপৰীতে আইজেনকটে ইজৰাইলক একগোট কৰাৰ প্ৰতিশ্ৰুতি দিছে। তেওঁ কৈছে, ইজৰাইলৰ বহু ভোটাৰে এতিয়া কেৱল শান্তি বিচাৰে। মধ্যবিত্ত শ্ৰেণীয়ে এজন দায়িত্বশীল, বিৰক্তিকৰ নেতা বিচাৰিছে।

unimex

শেহতীয়া জনমত সমীক্ষাত আইজেনকট আৰু নেতানিয়াহু সমানে সমানে আছে। তেওঁৰ দল Yashar আৰু লিকুদ দুয়োটা ব্লকে ৬১ খন আসনৰ সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত আছে। ২৭ অক্টোবৰত ইজৰাইলত নিৰ্বাচন।

আইজেনকটে প্ৰতিশ্ৰুতি দিছে যে তেওঁ গাজাত যুদ্ধৰ পিছত বেয়া হোৱা ইজৰাইলৰ আন্তৰ্জাতিক ভাবমূৰ্তি ঘূৰাই আনিব আৰু ৱেষ্ট বেংকত পেলেষ্টাইনীৰ ওপৰত আক্ৰমণ কৰা বসতি স্থাপনকাৰীৰ বিৰুদ্ধে কঠোৰ হ’ব। তেওঁ এইবোৰক “ইহুদী সন্ত্ৰাস” বুলি অভিহিত কৰিছে।

আনহাতে তেওঁ পেলেষ্টাইন ৰাষ্ট্ৰৰ বিৰোধিতা কৰি নেতানিয়াহুতকৈও কঠোৰ স্থিতি লৈছে।

শেহতীয়াকৈ ১০৩FM ৰেডিঅ’ক দিয়া সাক্ষাৎকাৰত তেওঁ স্পষ্টকৈ কৈছে – “মই কোনো অৱস্থাত নেতানিয়াহুৰ অধীনত কাম নকৰো, ৰ’টেশ্বন চৰকাৰতো নকৰো। যদি তেনেকুৱা হয়, মই এঘণ্টাৰ ভিতৰতে পদত্যাগ কৰিম।”

Leave A Reply

Your email address will not be published.

Translate »