Your Mic Your Voice

বিজেপি আৰু কংগ্ৰেছ দুয়োৰে বিৰোধী হৈ BJD ৰ উভয়-সংকট

0

ওড়িশাৰ ৰাজনীতিত বিজু জনতা দল (BJD) এতিয়া এক বৃহৎ উভয়-সংকটৰ সন্মুখীন হৈছে। দীৰ্ঘ ২৪ বছৰ শাসনত থকাৰ পিছত ২০২৪ চনত ক্ষমতা হেৰুওৱাৰ পিছত দলটোৱে নিজৰ ৰাজনৈতিক স্থিতি লৈ দোধৰ-মোধৰত পৰিছে।

সংসদত BJD এ বিজেপিৰ বিৰুদ্ধে কঠোৰ স্থিতি লৈছে, আনহাতে ৰাজ্যত বিজেপি চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰি আছে। কিন্তু একে সময়তে জাতীয় পৰ্যায়ত কংগ্ৰেছ নেতৃত্বাধীন INDIA মৰ্চাৰ সৈতেও দূৰত্ব বজাই ৰাখিছে।

unimex

ৰাজনৈতিক বিশ্লেষকৰ মতে, নবীন পাটনায়কৰ অনুপস্থিতিত দলটোৱে যদি স্পষ্টকৈ এটা পক্ষ লয় তেন্তে আনটো পক্ষৰ ভোট বেংক হেৰুওৱাৰ আশংকা আছে। বিজেপি-বিৰোধী হ’লে হিন্দুত্ববাদী ভোট, আৰু কংগ্ৰেছ-বিৰোধী হ’লে ধৰ্মনিৰপেক্ষ ভোট হেৰুৱাব।

এই দ্বৈত বিৰোধিতাৰ বাবেই BJD এ ওড়িশাত বিৰোধীৰ ভূমিকাতো শক্তিশালী হ’ব পৰা নাই বুলি চৰ্চা চলিছে।

Leave A Reply

Your email address will not be published.

Translate »