দুৰ্ঘটনা ১৫% হ্ৰাস পাইছে: ডাঃ দেৱজিৎ চৌধুৰী
দুৰ্গা পূজাৰ উৎসৱৰ মাজতে গুৱাহাটীত বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ ঘটনা। যোৱা ১৬ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈকে GMCHত ১১৪ জন দুৰ্ঘটনাগ্ৰস্ত লোকক ভৰ্তি কৰোৱা হৈছে।
GMCHৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীৰ মতে, চিকিৎসাধীন অৱস্থাতে ৯ জন লোকে প্ৰাণ হেৰুৱাইছে। ভৰ্তি হোৱা লোকসকলৰ ভিতৰত ৬৭ জন পুৰুষ আৰু ১৫ জন মহিলা। ইয়াৰে প্ৰায় ২০% ৰোগীৰ অৱস্থা এতিয়াও সংকটজনক।
অৱশ্যে যোৱা বছৰৰ তুলনাত এইবাৰ দুৰ্ঘটনাৰ সংখ্যা ১৫% কমিছে, যিটো এক ইতিবাচক দিশ। আৰক্ষীৰ তৎপৰতা আৰু ট্ৰেফিক নিয়ম কঠোৰ কৰাৰ বাবেই এই হ্ৰাস সম্ভৱ হৈছে বুলি মত প্ৰকাশ কৰিছে অধীক্ষকগৰাকীয়ে।
