Your Mic Your Voice

ফ্লৰিডাৰ ফুটবল ষ্টেডিয়ামৰ ওচৰত গুলিচালনা, কমেও ১২ জন আহত

0

ফ্লৰিডাত এক ভয়ংকৰ ঘটনা। ফুটবল ষ্টেডিয়ামৰ ওচৰত সংঘটিত গুলিচালনাত কমেও ১২ জন লোক আহত হৈছে।

unimex

প্ৰাপ্ত তথ্য অনুসৰি, খেল চলি থকাৰ সময়তে ষ্টেডিয়ামৰ বাহিৰত এই গুলিচালনাৰ ঘটনা সংঘটিত হয়। ঘটনাৰ পিছতে অঞ্চলটোত আতংকৰ পৰিৱেশ সৃষ্টি হয়।

আহতসকলক ততাতৈয়াকৈ ওচৰৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে কেইজনমানৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। গুলিচালনাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীয়ে সন্দেহযুক্ত লোকৰ সন্ধানত অভিযান চলাইছে।

Leave A Reply

Your email address will not be published.

Translate »