প্ৰধানমন্ত্ৰী মোদীৰ মন কি বাতত ‘ভোকেল ফৰ লোকেল’ৰ আহ্বান: দীপাৱলীৰ পূৰ্বে স্থানীয় সামগ্ৰীক প্ৰাধান্য দিয়ক
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন কি বাত অনুষ্ঠানৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে। দীপাৱলীৰ পূৰ্বে তেওঁ নাগৰিকসকলক ‘ভোকেল ফৰ লোকেল’ মন্ত্ৰক শক্তিশালী কৰাৰ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে দীপাৱলী কেৱল পোহৰৰ উৎসৱ নহয়, ই ভাৰতৰ সমৃদ্ধি আৰু আত্মনিৰ্ভৰতাৰ উৎসৱো। এই উৎসৱৰ সময়ত স্থানীয়ভাৱে নিৰ্মিত সামগ্ৰী ক্ৰয় কৰি আমি আমাৰ শিল্পী, কাৰিকৰ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক উৎসাহিত কৰিব পাৰো।
তেওঁ লগতে কয়, যেতিয়া আমি স্থানীয় সামগ্ৰী কিনো, তেতিয়া কেৱল এটা সামগ্ৰী কিনা নহয়, এটা পৰিয়ালৰ সুখ-সমৃদ্ধিৰ লগত জড়িত হওঁ। ভাৰতৰ প্ৰতিটো ঘৰ দীপাৱলীত স্থানীয় সামগ্ৰীৰে সজাই তোলাৰ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে।