হিমাংশু প্ৰসাদ দাসৰ ‘XYZ’ৰ বাবে আৰু অপেক্ষা, চলিত বৰ্ষত মুক্তি নাপায় ছবিখন
উজনি অসমত হোৱা ভয়ংকৰ বানৰ বাবে এই বছৰ মুক্তি পাবলগীয়া কেইবাখনো অসমীয়া ছবিৰ মুক্তিৰ তাৰিখ বাতিল কৰিবলগীয়া হৈছিল। পৰিস্থিতি লাহে লাহে স্বাভাৱিক হৈ অহাৰ লগে লগে ছবিবোৰে এটাৰ পিছত আনটোৱে ছবিগৃহত মুক্তি লাভ কৰি আছে।
ইয়াৰ মাজতে চলিত বৰ্ষৰ ২৪ জুলাইত মুক্তি পাবলগীয়া এখন বহু প্ৰত্যাশিত ছবিৰ মুক্তি মাত্ৰ দুদিন আগতে স্থগিত কৰা হৈছিল। ছবিখন হৈছে হিমাংশু প্ৰসাদ দাসৰ পৰিচালিত ‘XYZ’।

আচলতে জুলাই মাহতে ছবিখন দৰ্শকৰ মাজলৈ অহাৰ কথা আছিল। কিন্তু উজনি অসমত সৃষ্টি হোৱা প্ৰলয়ংকাৰী বানে সকলো পৰিকল্পনা সলনি কৰি দিয়ে আৰু নিৰ্মাতাই ছবিখনৰ মুক্তি স্থগিত ৰখাৰ সিদ্ধান্ত লয়। ৰাজনৈতিক কমেডি ধাৰাৰ এই ছবিখন কেতিয়া মুক্তি পাব তাক লৈ দৰ্শকৰ লগতে কলা-কুশলীৰ মাজতো প্ৰশ্ন উত্থাপন হৈ আছিল।
অৱশেষত সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই পৰিচালক হিমাংশু প্ৰসাদ দাসে ছবিখনৰ নতুন মুক্তিৰ তাৰিখ ঘোষণা কৰিছে। ২১ অক্টোবৰত সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ জনাই যে ২০২৭ চনৰ ৭ মে’ত ছবিখনে ছবিগৃহত মুক্তি লাভ কৰিব।
এই সন্দৰ্ভত পৰিচালকগৰাকীয়ে সামাজিক মাধ্যমত লিখিছে, “প্ৰতিদিনে এটা প্ৰশ্নৰ সন্মুখীন হৈছো, XYZ কেতিয়া ৰিলিজ হ’ব? এই বছৰ ২৪ জুলাইত ছবিখন মুক্তিৰ কথা আছিল। কিন্তু ১৯ জুলাইত অহা ভয়ংকৰ বানৰ বাবে মুক্তিৰ দুদিন আগতে আমি ছবিখন স্থগিত ৰাখোঁ। তেতিয়াই আমি পৰৱৰ্তী তাৰিখ ঠিক কৰিছিলো যদিও বহু দিন বাকী থকা বাবে ঘোষণা কৰা নাছিলো। প্ৰতিদিনে একেটা প্ৰশ্নৰ উত্তৰ দি ভাগৰি যোৱাৰ বাবে আজি ৰাজহুৱাকৈ তাৰিখটো ঘোষণা কৰিলো। বহু ছবিয়ে আগতীয়াকৈ তাৰিখ বুক কৰি থোৱাৰ বাবে আমি ইমান পিছলৈ যাবলগীয়া হ’ল। কিন্তু এটা কথা নিশ্চিত, XYZৰ মুক্তিৰ তাৰিখ পিছুৱালেও ছবিখনৰ কাহিনী আৰু প্ৰাসংগিকতা কেতিয়াও পুৰণি নহয়। আমি আহি আছো।”