Your Mic Your Voice

খানাপাৰাত কেন্দ্ৰীয়ভাৱে উদযাপিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ পতাকা উত্তোলন : কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

0

সমগ্ৰ দেশৰ লগতে অসমতো উলহ-মালহেৰ উদযাপন কৰা হৈছে ৮০ সংখ্যক স্বাধীনতা দিৱস। আজি খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজিত কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। পতাকা উত্তোলনৰ পিছতে ৰাজ্যবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। ভাষণত তেওঁ অসমৰ দ্ৰুত উন্নয়নৰ লগতে ৰাজ্যখনৰ বিভিন্ন বিষয়ৰ প্ৰসংগত আলোকপাত কৰে।

ভাষণ প্ৰসংগত তেওঁ যোৱা পাঁচ বছৰত অসমত দ্ৰুতগতিত উন্নয়নৰ ধাৰা বিকাশিত হৈছে। চাহ আৰু প্ৰাকৃতিক সম্পদৰ লগতে উদ্যোগিক খণ্ডতো অসম আগবাঢ়ি যোৱা বুলি উল্লেখ কৰে। অহা নৱেম্বৰ মাহৰ পৰা ছেমিকণ্ডাক্টৰ প্লাটৰ পৰা চিপচ নিৰ্মাণ আৰু উৎপাদন আৰম্ভ হ’ব বুলিও তেওঁ কয়। ইয়াৰ লগে লগে তেওঁ বিশ্বৰ মানচিত্ৰত অসম আৰু এখোজ আগুৱাই যাব বুলি কয়।

পূৰ্বতে অসমে আনৰ পৰা আৰ্হি ল’ব লগা হৈছিল। কিন্তু বৰ্তমান সময়ত ৰাজ্যখনে নিজেই এই আৰ্হি প্ৰস্তুত কৰিছে আৰু নিজাববীয়াকৈ অসম মডেল গঢ়ি তুলিছে।

২০২৮ চনলৈ ব্ৰহ্মপুত্ৰ উপত্যকালৈ চুকাফাৰ ৮০০ বছৰ পূৰ্ণ হ’ব গতিকে সেই উপলক্ষে ৰাজ্য চৰকাৰে ধুমধামেৰে এই অনুষ্ঠান আয়োজিত কৰিব।

উজনি অসমৰ বানাক্ৰান্ত লোকসকলৰ বাবেও তেওঁ বিশেষ ঘোষণা কৰে। বিশেষকৈ নাজিৰা, শিৱসাগৰ আৰু যোৰহাটবাসী বানাক্ৰান্ত ৰাইজক এবছৰৰ বাবে মাটিৰ খাজনা ৰেহাই দিয়া হ’ব বুলি তেওঁ মন্তব্য কৰে।

unimex

অসমত নতুনকৈ প্ৰায় আঠখন সমজিলা গঠন হ’ব বুলিও তেওঁ কয়। সমজিলা কেইখন হৈছে – কমলপুৰ, ৰঙানদী, চাবুৱা, লাহোৱাল, খুমটাই, বৰখলা,চিচিবৰ গাওঁ।

স্বাস্থ্য ক্ষেত্ৰৰ সন্দৰ্ভত কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হ’ব বুলি তেওঁ জনায়। ১৮ বছৰৰ তলৰ শিশুৰ চিকিৎসা বিনামূলীয়া হোৱাৰ লগতে প্ৰায় ৫০ বিধ জটিল ৰোগ চিনাক্ত কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।

লগতে অসমৰ থলুৱা তথা খিলঞ্জীয়াৰ লোকৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ আশ্বাস প্ৰদান কৰে।

বাল্য বিবাহ ৰোধৰ বাবে পুনৰ ১ নৱেম্বৰৰ পৰা অভিযান চলিব লগতে বহুবিবাহ কৰোৱা চৰকাৰী কৰ্মচাৰীৰ ২০% দৰমহা কৰ্তন কৰাৰ কথা উল্লেখ কৰে।

২ ডিচেম্বৰৰ পৰা ৰাজ্যত বসুন্ধৰা ৪.০ আৰম্ভ হ’ব বুলিও তেওঁ কয়।

বানৰ বিভীষিকাৰ সময়ত ৰাজ্য চৰকাৰক সহায়ৰ হাত আগবঢ়োৱা প্ৰতিজন নাগৰিক, দল-সংগঠনলৈ ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

Leave A Reply

Your email address will not be published.

Translate »