Your Mic Your Voice

১ কোটি টকা দিলেই হত্যা কৰিম মুখ্যমন্ত্ৰীক : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰাণে মৰাৰ ভাবুকি

0

আজি ৰাজ্যজুৰি পালন কৰা হৈছে ৮০ সংখ্যক স্বাধীনতা দিৱস। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাত কেন্দ্ৰীয়ভাৱে উদযাপিত স্বাধীনতা আন্দোলনৰ কাৰ্যসূচীত ভাষণ প্ৰদান কৰে। মুখ্যমন্ত্ৰীৰ ভাষণ তেওঁৰ ফেচবুক পেজৰ লাইভ যোগে প্ৰচাৰ হৈ থকা সময়তে এজন লোকে কমেণ্টত উল্লেখ কৰে যে- কোনোবাই যদি তেওঁক ১ কোটি টকা দিয়ে, তেন্তে তেওঁ মুখ্যমন্ত্ৰীক হত্যা কৰিব। এই সন্দৰ্ভত যোগাযোগ কৰিবলৈ লোকজনে কমেণ্টটোতেই তেওঁৰ ফোন নম্বৰ মুকলিকৈ প্ৰকাশ কৰে।

ইয়াৰ পিছতেই ৮০ সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠান সম্প্ৰচাৰিত হৈ থকাৰ সময়তে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সামাজিক মাধ্যমত মুকলিকৈ প্ৰাণে মৰাৰ ভাবুকি দিয়া কাৰ্যই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি কৰে।

লাইভ অনুষ্ঠান চলি থকাৰ সময়তে আব্দুল মোতালেব নামৰ এটা ফেচবুক একাউণ্টৰ পৰা কমেণ্ট বক্সত মুখ্যমন্ত্ৰীগৰাকীক লক্ষ্য কৰি ধাৰাবাহিকভাৱে কেইবাটাও আপত্তিজনক মন্তব্য কৰে।

unimex

কেৱল প্ৰাণে মৰাৰ ভাবুকিয়েই নহয়, আব্দুল মোতালেব নামৰ একাউণ্টটোৰ পৰা স্বাধীনতা দিৱসৰ দিনটোত ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দিয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি চৰম অশালীন আৰু আপত্তিজনক শব্দ ব্যৱহাৰ কৰে । এই সমগ্ৰ বিষয়টো সন্মুখলৈ অহাৰ পাছতেই আৰক্ষী আৰু চাইবাৰ চেলৰ দৃষ্টিগোচৰ কৰা হয়।

এই ভাবুকিৰ পিছতে আৰক্ষীয়ে তংপৰতাৰে ব্যক্তিগৰাকীৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। ইতিমধ্যে আব্দুল মুতালেব নামৰ এজন ব্যক্তিক এই কমেন্ট কৰা বাবে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Leave A Reply

Your email address will not be published.

Translate »