অসম পালেহি অসম কন্যা লাভলীনা, বিমানবন্দৰত ঢোল-পেঁপাৰে আদৰণি
অসম কন্যা, অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁই আজি অসমত উপস্থিত হয়। বৰঝাৰ বিমানবন্দৰত তেওঁক আদৰিবলৈ দেখা গ’ল অভূতপূৰ্ব দৃশ্য।
বিমানবন্দৰত শতাধিক লোকে ঢোলে-দগৰে আদৰণি জনাই লাভলীনাক। ফুলাম গামোচা, ঢোল-পেঁপাৰ শব্দত মুখৰিত হৈ পৰে বিমানবন্দৰ চৌহদ। লাভলীনাক একাষাৰ চাবলৈ পুৱাৰে পৰা ভিৰ কৰিছিল অনুৰাগীয়ে।

আছুৰ নেতৃত্বই বিমানবন্দৰতে স্বৰ্ণকন্যাক জনাই সম্বৰ্ধনা। আনহাতে, ৰাজ্য চৰকাৰৰ তৰফৰ পৰা খেলুৱৈ গৰাকীক আদৰিবলৈ বিমানবন্দৰত উপস্থিত আছিল মন্ত্ৰী বিশ্বজিৎ দৈমাৰী।
ইয়াৰ পাছতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত লাভলীনাই উল্লেখ কৰে যে, “এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰি মই বহুত সুখী। মই পদক জয় কৰাৰ পিছত মুখ্যমন্ত্ৰীয়ে মোক পাঁচবাৰকৈ ফোন কৰিছিল। অৱশ্যে ব্যস্ততাৰ বাবে মই লগে লগে ফোনটো ধৰিব পৰা নাছিলো, কিন্তু পিছত তেওঁৰ সৈতে কথা পাতো। আজি তেওঁক ব্যক্তিগতভাৱে লগ কৰিবলৈ আহিছো।”
আনহাতে খেলুৱৈ গৰাকীৰ পৰৱৰ্তী লক্ষ্য লছ এঞ্জেলছ অলিম্পিক বুলিও সাংবাদিকৰ আগত সদৰী কৰে। লছ এঞ্জেলছত স্বৰ্ণ জয় কৰাটোৱে তেওঁৰ ডাঙৰ সপোন বুলি কয় লাভলীনাই।