Your Mic Your Voice

শক্তিশালী পঞ্জাৱক ৰুধিবলৈ অসমৰ যুঁজ, ডেনিছ আৰু শিৱশংকৰৰ শতৰান

0

নিউ চণ্ডীগড়ৰ মহাৰাজা যদবিন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত চলি থকা ৰঞ্জি ট্ৰফী ২০২৬-২৭ৰ প্ৰথম ৰাউণ্ডৰ খেলত শক্তিশালী পঞ্জাৱৰ বিৰুদ্ধে অসমে দুৰ্দান্ত যুঁজ দিছে। প্ৰথম দিনা বৰষুণৰ বাবে মাত্ৰ ২৩ অভাৰ খেল হৈছিল আৰু অসম ২৩ ৰানতে ৩ উইকেট হেৰুৱাই গভীৰ বিপদত পৰিছিল। নিবিড় ডেকা আৰু ঋষভ দাস শূন্য ৰানতে আউট হোৱাৰ পিছত অসমৰ অৱস্থা বেয়া হৈছিল।

কিন্তু দ্বিতীয় দিনা বতৰ ফৰকাল হোৱাৰ লগে লগে অসমৰ বেটছমেনেও আত্মবিশ্বাস ঘূৰাই পালে। ডেনিছ দাস আৰু অভিজ্ঞ শিৱশংকৰ ৰয়ে চতুৰ্থ উইকেটত ১৬৮ ৰানৰ বিশাল যুটি গঢ়ি দলক উদ্ধাৰ কৰে। ডেনিছ দাসে অতি ধৈৰ্য্যৰে বেটিং কৰি ১৮৬ টা বলত ১৫টা চাৰিৰ সহায়ত ১০৩ ৰান কৰে আৰু ১৮১ বলত নিজৰ শতক সম্পূৰ্ণ কৰে। পঞ্জাৱৰ ফাষ্ট বলাৰ গুৰনূৰ ব্ৰাৰে চুটি বলৰে তেওঁক বাৰে বাৰে পৰীক্ষা কৰিছিল যদিও ডেনিছে সংযমেৰে খেলি যায়।

unimex

আনহাতে শিৱশংকৰ ৰয়ে অধিক আক্ৰমণাত্মক আৰু ৰাজকীয় ইনিংছ খেলে। তেওঁ ২৯৫ টা বলত ২০টা চাৰি আৰু ১টা ছয়েৰে ১৪৩ ৰানত অপৰাজিত হৈ থাকে। স্পীনাৰ ইমানজোত সিং চাহালক তেওঁ দুবাৰকৈ খোজ কাঢ়ি আগুৱাই আহি ছয় মাৰে। শতকৰ পিছতো তেওঁ উইকেট নিদিলে আৰু শেষলৈকে যুঁজি থাকিল।

ডেনিছ আউট হোৱাৰ পিছত স্বৰূপম পুৰকায়স্থই আহি শিৱশংকৰক যোগ্য সংগ দিয়ে। স্বৰূপমে মাত্ৰ ৮৭ বলত ৭টা চাৰি আৰু ৩টা ছয়েৰে ৬৬ ৰানৰ বিস্ফোৰক ইনিংছ খেলে। দুয়োৰে মাজত ৯২ ৰানৰ যুটি হয় যাৰ বাবে অসমে ৩৭৩ ৰানৰ সন্মানজনক স্ক’ৰ কৰিবলৈ সক্ষম হয়। শেষৰ ফালে উমেশ যাদৱে ৭০ ৰানত ৫ উইকেট লৈ অসমৰ ল’য়াৰ অৰ্ডাৰক সোনকালে শেষ কৰি দিয়ে, নহ’লে স্ক’ৰ আৰু বাঢ়িলেহেঁতেন। এই দুটা শতকৰ বাবে এতিয়া পঞ্জাৱৰ বিৰুদ্ধে অসমে এখন প্ৰতিদ্বন্দ্বিতাপূৰ্ণ খেল আগবঢ়াবলৈ সক্ষম হৈছে।

Leave A Reply

Your email address will not be published.

Translate »