Your Mic Your Voice

ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী: সমন্বয় তীৰ্থত শত শিল্পীৰ কণ্ঠত ‘বিস্তীৰ্ণ পাৰৰে’

0

গুৱাহাটী: অসমীয়াৰ হৃদয়ত চিৰদিনে জীয়াই থকা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীক কেন্দ্ৰ কৰি ৰাজ্যজুৰি আৰম্ভ হৈছে বিশেষ আয়োজন। জীৱন-সংগ্ৰামৰ পৰা আৰম্ভ কৰি প্ৰেম, মানৱতা, সামাজিক বৈষম্য, চহা-গাঁৱলীয়া জীৱন, পাহাৰ-ভৈয়ামৰ সম্প্ৰীতি—জাতীয় জীৱনৰ প্ৰায় প্ৰতিটো অনুভূতিক নিজৰ সৃষ্টিৰ মাজেৰে প্ৰকাশ কৰা এইগৰাকী মহান শিল্পীক জন্ম শতবাৰ্ষিকীত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছে অসমবাসীয়ে।

জালুকবাৰীত অৱস্থিত ড০ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত জন্ম শতবাৰ্ষিকী উপলক্ষে আয়োজন কৰা হয় এক বিশেষ অনুষ্ঠান। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল ১০০গৰাকী শিল্পীৰ কণ্ঠত সুধাকণ্ঠৰ কালজয়ী গীত ‘বিস্তীৰ্ণ পাৰৰে’ৰ সমবেত পৰিৱেশন। শত শিল্পীৰ কণ্ঠত ভূপেন হাজৰিকাৰ এই অমৰ সৃষ্টি পুনৰ প্ৰতিধ্বনিত হোৱাত অনুষ্ঠানস্থলীত এক আবেগিক পৰিৱেশৰ সৃষ্টি হয়।

ভূপেন হাজৰিকাক কেৱল এগৰাকী গায়ক বা সংগীতজ্ঞ হিচাপে নহয়, অসমীয়া জাতীয় জীৱনৰ এক শক্তিশালী কণ্ঠ হিচাপে গণ্য কৰা হয়। তেওঁৰ গীত আৰু সৃষ্টিত প্ৰতিফলিত হৈছে সাধাৰণ মানুহৰ সুখ-দুখ, শ্ৰমজীৱী সমাজৰ সংগ্ৰাম, প্ৰেম-বিৰহ, সামাজিক দায়বদ্ধতা আৰু মানুহৰ মাজত মানুহৰ সম্পৰ্কৰ কথা।

এই কাৰণেই সুধাকণ্ঠৰ সৃষ্টি প্ৰজন্মৰ পিছত প্ৰজন্মলৈ একেই প্ৰাসংগিক হৈ আহিছে। তেওঁৰ কণ্ঠত অসমীয়া মানুহে যেন নিজৰ জীৱন, নিজৰ মাটি আৰু নিজৰ সমাজক বিচাৰি পায়।

ইফালে, জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানত ড০ ভূপেন হাজৰিকাৰ স্মৃতি সংৰক্ষণ আৰু ভৱিষ্যৎ প্ৰজন্মৰ মাজলৈ তেওঁৰ সৃষ্টি অধিক ব্যাপকভাৱে লৈ যোৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কেইবাটাও পদক্ষেপৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

সমন্বয় তীৰ্থত সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কলকাতাৰ টালিগঞ্জত থকা ড০ ভূপেন হাজৰিকাৰ বাসগৃহটো ক্ৰয় কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত তেওঁ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ সৈতে নিজে কথা পতা বুলিও জানিবলৈ দিয়ে।

unimex

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে কলাক্ষেত্ৰত ড০ ভূপেন হাজৰিকাৰ নামত এটা অত্যাধুনিক সংগ্ৰহালয় নিৰ্মাণৰ বাবে ইতিমধ্যে শিলান্যাস কৰা হৈছে। লোক নিৰ্মাণ বিভাগে প্ৰায় দুবছৰৰ ভিতৰত সংগ্ৰহালয়টোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিব বুলি আশা প্ৰকাশ কৰে তেওঁ।

প্ৰায় ৩৫.৩৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া এই সংগ্ৰহালয়টোত সুধাকণ্ঠৰ জীৱন, কৰ্ম, সংগীত আৰু অসমৰ সাংস্কৃতিক ইতিহাসৰ সৈতে জড়িত বিভিন্ন দিশ সংৰক্ষণ আৰু উপস্থাপনৰ ব্যৱস্থা থাকিব বুলি জানিবলৈ দিয়া হৈছে।

আনহাতে, ড০ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবেও চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ইয়াৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ক ১ৰ পৰা ২ বিঘা মাটি প্ৰদান কৰিবলৈ অনুৰোধ জনোৱা হৈছে বুলিও তেওঁ কয়।

সুধাকণ্ঠৰ স্মৃতি আৰু সৃষ্টিক নতুন প্ৰযুক্তিৰ জৰিয়তে জনসাধাৰণৰ অধিক ওচৰলৈ লৈ যোৱাৰ পৰিকল্পনাও কৰিছে ৰাজ্য চৰকাৰে।

এই ব্যৱস্থাৰ জৰিয়তে সমন্বয় তীৰ্থলৈ অহা অনুৰাগীয়ে ভূপেন হাজৰিকাৰ সৈতে কথোপকথনৰ দৰে অভিজ্ঞতা লাভ কৰাৰ লগতে তেওঁৰ সৈতে গীত গোৱা বা একেলগে ভ্ৰমণ কৰাৰ দৰে ভাৰ্চুৱেল অভিজ্ঞতা লাভ কৰিব পাৰিব।

জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠানকো বিশেষ ৰূপ দিয়াৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া অনুসৰি, ২৯ নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান আয়োজন কৰা হ’ব। অনুষ্ঠানটোলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো আমন্ত্ৰণ জনোৱাৰ পৰিকল্পনা কৰা হৈছে।

এগৰাকী শিল্পীৰ জীৱন আৰু সৃষ্টিৰ শতবছৰীয়া যাত্ৰাক স্মৰণ কৰাৰ লগতে তেওঁৰ আদৰ্শ, মানৱতাবাদ আৰু সমন্বয়ৰ বাৰ্তা নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাই জন্ম শতবাৰ্ষিকী উদযাপনৰ মূল তাৎপৰ্য হিচাপে বিবেচিত হৈছে।

ভূপেন হাজৰিকাৰ বাবে সংগীত আছিল কেৱল মনোৰঞ্জনৰ মাধ্যম নহয়—সেয়া আছিল মানুহৰ কথা কোৱাৰ এক শক্তিশালী ভাষা। সেয়ে তেওঁৰ জন্ম শতবাৰ্ষিকীত সমন্বয় তীৰ্থৰ পৰা শত শিল্পীৰ কণ্ঠত ‘বিস্তীৰ্ণ পাৰৰে’ৰ ধ্বনি পুনৰ উঠি অহাটো যেন সুধাকণ্ঠৰ সেই চিৰন্তন মানৱতাবাদী সুৰৰেই পুনৰাবৃত্তি।

Leave A Reply

Your email address will not be published.

Translate »