বিধানসভা নিৰ্বাচনত আশানুৰূপ ফলাফল লাভত ব্যৰ্থ হোৱাৰ পিছতে ৰাজ্যিক কংগ্ৰেছৰ ভিতৰত আৰম্ভ হৈছে আত্মসমালোচনাৰ পৰ্ব। এনে সময়তে প্ৰাক্তন বিৰোধী দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা দেবব্ৰত শইকীয়াই সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত দলৰ পৰাজয়ক “দুখজনক” বুলি উল্লেখ কৰাৰ লগতে ইয়াৰ কাৰণসমূহ বিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দেবব্ৰত শইকীয়াই কয় যে, কেৱল পৰাজয়ৰ বাবে কাৰোবাক দোষাৰোপ কৰাটো উচিত নহয়। তেওঁ স্পষ্টভাৱে উল্লেখ কৰে যে, নিৰ্বাচনত পৰাজয়ৰ আঁৰৰ প্ৰকৃত কাৰণসমূহ উলিয়াই আনি দলীয়ভাৱে আত্মসমালোচনা কৰাটোৱেই এই মুহূর্তত অধিক প্ৰয়োজনীয়।
তেওঁৰ ভাষ্য অনুসৰি, খুব সোনকালে এই কাৰণসমূহ বিশ্লেষণ কৰা হ’ব আৰু তাৰ পিছত দলীয় হাইকমাণ্ডে যি সিদ্ধান্ত ল’ব, তাকেই মানি চলা হ’ব। একেদৰে দলীয় দায়িত্ব সন্দৰ্ভতো শইকীয়াই কয় যে, কংগ্ৰেছৰ এজন “নিষ্ঠাৱান কৰ্মী” হিচাপে হাইকমাণ্ডে যি দায়িত্ব দিব, সেয়া পালন কৰিবলৈ তেওঁ সদায় সাজু। তেওঁ স্মৰণ কৰে যে, এইবাৰো দলীয় নেতৃত্বই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিষয়ে সোধাত তেওঁ স্পষ্টকৈ কৈছিল— “দলে টিকট দিলে নিৰ্বাচনত অৱতীৰ্ণ হ’ম।” ফলাফলৰ হিচাপ-নিকাচ নকৰি দলৰ সিদ্ধান্তক প্ৰাধান্য দিয়াটো তেওঁৰ ৰাজনৈতিক আদৰ্শ বুলি উল্লেখ কৰে। ইফালে, বিজেপিত যোগদান কৰাৰ সম্ভাৱনা অথবা দল সলনি কৰাৰ উৰাবাতৰি সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত দেবব্ৰত শইকীয়াই স্পষ্ট ভাষাত কয় যে, ১৯৭২ চনৰ পৰাই তেওঁ কংগ্ৰেছৰ সৈতে জড়িত আৰু কংগ্ৰেছৰ আদৰ্শৰ প্ৰতি তেওঁৰ আনুগত্য কেতিয়াও সলনি নহ’ব। তেওঁ কয়, “কংগ্ৰেছৰ বাহিৰে অন্য দলৰ কথা মই ভাবিবই নোৱাৰোঁ।” মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বৰ মন্তব্যৰ প্ৰসংগ উত্থাপন কৰি দেবব্ৰত শইকীয়াই কয় যে, ৰাজনীতিত দল সলনি কৰা বা আদৰ্শ সলনি কৰাৰ অভিজ্ঞতা মুখ্যমন্ত্ৰীৰ থাকিব পাৰে, কিন্তু তেওঁৰ ব্যক্তিগত ৰাজনৈতিক জীৱনত তেনেধৰণৰ কোনো চিন্তা নাই।
তেওঁ কটাক্ষ কৰি কয় যে, মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ ত্যাগ কৰি আৰ এছ এছৰ শাখালৈ গৈ “পৰম শান্তি” লাভ কৰাৰ কথা লিখিছিল, কিন্তু তেওঁৰ নিজৰ তেনেধৰণৰ কোনো “শাখা-ছাখা”লৈ যোৱাৰ প্ৰয়োজন নাই। একেসময়তে শাসকীয় দলৰ বিৰুদ্ধে কংগ্ৰেছৰ ৰাজনৈতিক ভূমিকা অব্যাহত থাকিব বুলিও স্পষ্ট কৰে দেবব্ৰত শইকীয়াই। বিশেষকৈ চৰকাৰৰ দুৰ্নীতি, পানী যোগান আঁচনিৰ কেলেংকাৰী আৰু বিজেপিৰ “ৱাছিং মেচিন ৰাজনীতি”ৰ বিৰুদ্ধে কংগ্ৰেছৰ সংগ্ৰাম চলি থাকিব বুলি তেওঁ মন্তব্য কৰে। তেওঁৰ মতে, গণতন্ত্ৰত শক্তিশালী বিৰোধী দলৰ ভূমিকা অত্যন্ত গুৰুত্বপূর্ণ আৰু ৰাইজৰ স্বাৰ্থত কংগ্ৰেছে সেই দায়িত্ব নিষ্ঠাৰে পালন কৰি যাব।
