Your Mic Your Voice

মাজুলীত নাৱেৰে শিক্ষাৰ্থীৰ বিপদসংকুল যাত্ৰা

0

মাজুলীত সংঘটিত হৈছে ভয়ংকৰ এক নাওঁ দুৰ্ঘটনাৰ । বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতি অহাৰ সময়তে নাঁওৰ পৰা পিছলি পৰে কেইবাজনো ছাত্ৰ । জানিব পৰা মতে, বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে অসাৱধানবশতঃ নৈৰ মাজত পিছলি পৰে ছাত্ৰকেইজন । লোহিত খাবলু অঞ্চলৰ দাম্বোকীয়াল ঘাটত সংঘটিত হৈছে এই দুৰ্ঘটনাটো । বৃহস্পতিবাৰৰ বিয়লি প্ৰায় চাৰি বজাত সংঘটিত হৈছে এই অঘটনটো ।

unimex

জানিব পৰা মতে, ছাত্ৰ ছাত্ৰীৰ লগতে আন যাত্ৰীও আছিল নাওঁখনত । সৌভাগ্যবশতঃ নাঁওৰ পৰা পানীত পৰাৰ পাছতে আন এখন নাঁও আহি উদ্ধাৰ কৰে ডুবন্ত ছাত্ৰকেইজনক । দাম্বোকিয়াল ঘাটত থকা একমাত্ৰ বাঁহৰ দলংখন কিছুদিনৰ আগত বাঢ়নি পানীয়ে উটুৱাই নিয়াৰ পাছৰে পৰা লোহিত খাবলু অঞ্চলৰ লোকসকলে টুলুঙা নাৱেৰে পাৰাপাৰ হ’বলগীয়া হৈছে । উনুকিয়াব লাগিব যে যাতায়তৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি সমস্যাৰ সন্মুখীন হৈ আহিছে লোহিত খাবলু অঞ্চলৰ লোকসকলে । ফলত প্ৰতিটো যাত্ৰাই আতংকৰ মাজেৰে কৰিবলগীয়া হৈছে স্থানীয় লোকসকলে । সমান্তৰালভাৱে, বিদ্যালয়লৈ অহা-যোৱা কৰা কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনৰ সুৰক্ষাক লৈ অভিভাৱকসকল উদ্বিগ্ন হৈ পৰিছে ।

Leave A Reply

Your email address will not be published.

Translate »