Your Mic Your Voice

১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল: এফ চি ওৱানৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ জয় বড়োলেণ্ড এফ চি

0

অসমৰ ক্লাব বড়োলেণ্ড এফ চিয়ে চলিত ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ ‘এফ’ৰ আজি অনুষ্ঠিত এখন মেচত জন্মু আৰু কাশ্মীৰৰ দল এফ চি ওৱানৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ জয় অৰ্জন কৰিছে ৷ গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত হোৱা মেচখনত দলে ৩-০ গলত জয়ী হৈ দুই পইণ্ট লাভ কৰে ৷

উল্লেখ্য যে প্ৰতিযোগিতাত বড়োলেণ্ড এফ চিৰ বাবে আজিৰ মেচখন মৰণপণ আছিল ৷ দলৰ সন্মুখত জয়ৰ কোনো বিকল্প নাছিল ৷ কিন্তু মেচৰ প্ৰথমাৰ্ধ গলশূণ্যৰূপে সমাপ্ত হয় ৷ দ্বিতীয়াৰ্ধত বড়োলেণ্ড এফ চিয়ে সংঘবদ্ধৰূপত আক্ৰমণ কৰি চাপৰ সন্মুখীন কৰোৱাই ডুৰাণ্ড কাপত অভিষেক কৰা এফ চি ওৱান দলক ৷

খেলৰ ৫৭ মিনিটত ৰ’বিনছনে প্ৰথমটো গল দি বড়োলেণ্ড এফ চিক অগ্ৰগতি দিয়ে ৷ এই গলে উৎসাহ লৈ আনে বড়োলেণ্ড এফ চিৰ খেলুৱৈ তথা সমৰ্থকৰ মাজলৈ ৷ ৭৭ মিনিটত বড়োলেণ্ড এফ চিৰ অগ্ৰগতি ২-০ কৰে ৰিতুৰাজে ৷ দলৰ বিজয় নিশ্চিত হোৱাৰ সময়তে এৰনে ৮২ মিনিট বড়োলেণ্ড এফ চিৰ হৈ তৃতীয়টো গ’ল কৰে ৷

unimex

উল্লেখ্য যে প্ৰথম মেচত দলে ছটা গ’লৰ বৃহৎ ব্যৱধানত নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ বিৰুদ্ধে পৰাস্ত হৈছিল ৷ অন্তিম মেচত বড়োলেণ্ড এফ চি অসমৰ কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ মুখামুখি হ’ব ৷ ইফালে, এফ চি ওৱানে অন্তিম মেচ খেলিব নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ বিৰুদ্ধে ৷

ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত প্ৰতিযোগিতাৰ কাইলৈ কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত হ’বলগা গ্ৰুপ ‘এ’ৰ এখন মেচত আই এছ এলৰ চেম্পিয়ন তথা ১৬ বাৰ ডুৰাণ্ড কাপ জয় কৰা ইষ্ট বেংগল এফ চিয়ে ছাউথ ইউনাইটেড এফ চিৰ বিৰুদ্ধে খেলিব ৷ নিশা সাত বজাত এই মেচখন অনুষ্ঠিত হ’ব ৷

আনহাতে, ৰাছিৰ বিৰ্ছামুণ্ডা ফুটবল ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা দিনটোৰ দ্বিতীয়খন খেলত এছ চি দিল্লীয়ে ডিফেণ্ডাৰ্ছ এফ চিৰ মুখামুখি হ’ব৷ গ্ৰুপ ‘চি’ৰ এই মেচখনত আবেলি চাৰি বজাত অনুষ্ঠিত হ’ব ৷

উল্লেখ্য যে ভাৰতীয় ফুটবল ইতিহাসৰ গৌৰৱময় সাক্ষী লগতে এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ পঞ্চম পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ সকলো খেল ‘ছ’নী টেন প্ত’ ত সম্প্ৰচাৰ কৰা হৈছে৷ আনহাতে, ছনী এল আই ভি এপছতো দৰ্শকে মেচ উপভোগ কৰিব পাৰিব৷

Leave A Reply

Your email address will not be published.

Translate »