শিলচৰ পৌৰ নিৰ্বাচনক লৈ তৎপৰ এন ডি এ, প্ৰচাৰত অতুল বৰা
শিলচৰঃ তিনি অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বৰাক উপত্যকাত ৰাজনৈতিক তৎপৰতা বৃদ্ধি পোৱাৰ সময়তে মঙলবাৰে শিলচৰত উপস্থিত হয় অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা। এন ডি এ সমৰ্থিত প্ৰাৰ্থীসকলৰ সমৰ্থনত দিনজোৰা কেইবাটাও নিৰ্বাচনী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অগপ সভাপতিগৰাকীয়ে বিভিন্ন ৱাৰ্ডত প্ৰচাৰ চলায়।
শিলচৰত উপস্থিত হৈ প্ৰথমে অতুল বৰাই বিজেপিৰ কাছাৰ জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত দলীয় সভাত অংশগ্ৰহণ কৰে। সভাত মন্ত্ৰী কৌশিক ৰায়, সাংসদ পৰিমল শুক্লবৈদ্য আৰু কনাড পুৰকায়স্থ, বিজেপিৰ কাছাৰ জিলা সমিতিৰ সভাপতি ৰূপম সাহাৰ লগতে বিজেপি আৰু অগপৰ নেতা-কৰ্মীসকল উপস্থিত থাকে। সভাত পৌৰ নিৰ্বাচনৰ প্ৰস্তুতি আৰু এন ডি এ সমৰ্থিত প্ৰাৰ্থীসকলৰ নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত আলোচনা হয়।

ইয়াৰ পিছতে অতুল বৰাই শিলচৰ নগৰৰ কেইবাটাও স্থানত অনুষ্ঠিত সভা আৰু নিৰ্বাচনী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৩১, ২৪, ২৫, ২৬ আৰু ১৬ নম্বৰ ৱাৰ্ডত এন ডি এ সমৰ্থিত প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলাই ভোটাৰসকলৰ সৈতে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে।
শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিয়ে ৩৮টা ৱাৰ্ডত আৰু অসম গণ পৰিষদে ৪টা ৱাৰ্ডত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। মুঠ ৪২টা ৱাৰ্ডৰ ভিতৰত বিজেপিৰ দুগৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে বুলি দলীয় সূত্ৰই জানিবলৈ দিছে। ফলত নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা থকা ৱাৰ্ডৰ সংখ্যাও হ্ৰাস পাইছে।
অতুল বৰাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিজেপিৰ সাংসদ পৰিমল শুক্লবৈদ্যৰ লগতে অগপ নেতা বিমলেন্দু সিনহা, অপূৰ্ব ভট্টাচাৰ্য, সুনীল ডেকা আৰু স্থানীয় এন ডি এৰ নেতা-কৰ্মীসকল উপস্থিত থাকে। নিৰ্বাচনক কেন্দ্ৰ কৰি বিভিন্ন দল আৰু প্ৰাৰ্থীয়ে ইতিমধ্যে ৱাৰ্ডে ৱাৰ্ডে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে।