বিশ্বনাথৰ বামগাঁৱত দুদিয়াকৈ ভাওনা প্ৰদৰ্শনৰ আয়োজন
বিশ্বনাথ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিৰ অন্যতম অনুপম নিদৰ্শন ভাওনাৰ পৰম্পৰা জীয়াই ৰখাৰ উদ্দেশ্যে বামগাঁৱত দুদিনীয়াকৈ ভাওনা প্ৰদৰ্শনৰ আয়োজন কৰা হৈছে।
বিশ্বনাথ চাৰিআলিৰ বামগাঁও যুৱ সমাজৰ উদ্যোগত আৰু বামগাঁওবাসী ৰাইজৰ সহযোগত অহা ১৬ আৰু ১৭ আহিন, ইংৰাজী ৩ আৰু ৪ অক্টোবৰ, ২০২৬ তাৰিখে এই ভাওনা প্ৰদৰ্শন কৰা হ’ব।

বামগাঁও নামঘৰ প্ৰাংগনত (শিৱ মন্দিৰৰ সমীপত) অনুষ্ঠিত হ’ব লগা এই অনুষ্ঠানত ‘বিচিত্ৰ বিক্ৰম উপাখ্যান – সুচিত্ৰাৰ স্বামী লাভ’ শীৰ্ষক অংক ভাওনাখন প্ৰদৰ্শন কৰা হ’ব।
আয়োজক সমিতিয়ে জানিবলৈ দিয়া মতে, শংকৰী সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে নতুন প্ৰজন্মক ভাওনাৰ সৈতে চিনাকি কৰি দিয়াই হৈছে এই আয়োজনৰ মূল উদ্দেশ্য।
উক্ত ধৰ্মীয় অনুষ্ঠানত সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তাসকলে।