ধিঙত অংগনৱাড়ী কৰ্মীক সন্মান, মুখ্যমন্ত্ৰীৰ ১০০০ টকাৰ উপহাৰ
প্ৰধানমন্ত্ৰীৰ ২৫ বছৰীয়া ৰাজনৈতিক যাত্ৰা উপলক্ষে ধিঙত বিশেষ কাৰ্যসূচী। অংগনৱাড়ী কৰ্মী-সহায়িকাক সম্বৰ্ধনা, প্ৰতিগৰাকীক ১,০০০ টকাৰ বিশেষ উপহাৰ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২৫ বছৰীয়া ৰাজনৈতিক সেৱা বৰ্ষ উপলক্ষে দেশজুৰি চলি থকা কাৰ্যসূচীৰ অংশ হিচাপে ধিঙত ‘পোষণৰ ওপৰত হাঁহি-ফূৰ্তিৰে আলাপ-আলোচনা’ শীৰ্ষক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়।

এই অনুষ্ঠানত তৃণমূল পৰ্যায়ত মাতৃ আৰু শিশুৰ পুষ্টি, স্বাস্থ্য আৰু সৰ্বাংগীণ বিকাশৰ বাবে অহৰ্নিশে কাম কৰি অহা অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ অৱদানক সন্মান জনোৱা হয়। পুষ্টি আৰু শিশুৰ যত্ন সম্পৰ্কীয় বিভিন্ন দিশত তেওঁলোকৰ সৈতে মত-বিনিময়ো কৰা হয়।
অনুষ্ঠানত অংগনৱাড়ী কৰ্মী-সহায়িকাসকলৰ সেৱাক স্বীকৃতি দি মুখ্যমন্ত্ৰীৰ বিশেষ উপহাৰ হিচাপে প্ৰতিগৰাকীকে ১,০০০ টকাকৈ চেক প্ৰদান কৰা হয়। তেওঁলোকক উৎসাহিত কৰাৰ বাবেই এই পদক্ষেপ বুলি আয়োজকে জানিবলৈ দিয়ে।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে ধিং সমষ্টিৰ বিধায়ক মেহবুব মুক্তাৰ উপস্থিত থাকে।