মুম্বাই প্ৰতিবাদক লৈ তুষাৰ গান্ধীসহ ১২ জনৰ বিৰুদ্ধে FIR, ৬০০ জনক আটক কৰি মুকলি
মুম্বাই আৰক্ষীয়ে শনিবাৰে অগষ্ট ক্ৰান্তি মৈদানত হোৱা CEC বিৰোধী প্ৰতিবাদক লৈ ১২ জন নামজাদা অভিযুক্ত আৰু আন ৩৫০ জনৰ বিৰুদ্ধে FIR ৰুজু কৰিছে। গামদেৱী থানাত ভাৰতীয় ন্যায় সংহিতাৰ ২২৩, ১২৬(২), ১৮৯(২), ১৮৯(৩) আৰু ১৮৯(৫) ধাৰাত গোচৰ ৰুজু হৈছে।
নাম উল্লেখ থকা অভিযুক্তৰ ভিতৰত মহাত্মা গান্ধীৰ আজো নাতি তুষাৰ গান্ধী, শৈলেন্দ্ৰ কাম্বলে, প্ৰকাশ ৰেড্ডী আৰু অভিনেতা ইমৰান খান অন্যতম। DCP Zone-2 ৰাগসুধা আৰে এই কথা নিশ্চিত কৰিছে।
আৰক্ষীয়ে জনোৱা মতে, অগষ্ট ক্ৰান্তি মৈদানলৈ যোৱাৰ পথত নানা চকত প্ৰায় ৪০০ জন প্ৰতিবাদকাৰীক আটক কৰা হয়। মুঠ ৬০০ জন প্ৰতিবাদকাৰীক মুম্বাইৰ বিভিন্ন স্থানৰ পৰা আটক কৰি পিছত মুকলি কৰি দিয়া হয়। আইনী প্ৰক্ৰিয়া অব্যাহত আছে।

তুষাৰ গান্ধীৰ নেতৃত্বাধীন ‘হাম ভাৰত কে লোগ’ সংগঠনে দিল্লীৰ যন্তৰ-মন্তৰত CJP-এ CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত কৰা প্ৰতিবাদৰ সমৰ্থনত এই প্ৰতিবাদৰ আহ্বান জনাইছিল। SIR-ত হোৱা অনিয়মৰ অভিযোগত এই প্ৰতিবাদ হৈছিল।
তুষাৰ গান্ধীক বান্দ্ৰাৰ পৰা আটক কৰি ডি এন নগৰ থানালৈ নিয়া হৈছিল। প্ৰায় ৯ ঘণ্টাৰ পিছত তেওঁক মুকলি কৰি দিয়া হয়।