Your Mic Your Voice

UGC ৰ সমতা নিয়মক লৈ কেন্দ্ৰই সুপ্ৰীম কোৰ্টত ক’লে – বিশেষ সমিতি গঠন কৰা হ’ব

0

বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC) ৰ ২০২৬ চনৰ সমতা নিয়মাৱলীক লৈ চলি থকা বিতৰ্কৰ মাজতে কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে সুপ্ৰীম কোৰ্টক জনাইছে যে এই নিয়মসমূহ পুনৰ পৰীক্ষা কৰিবলৈ এখন বিশেষ সমিতি গঠন কৰাৰ কথা চিন্তা কৰা হৈছে।

মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠৰ সন্মুখত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয়, চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ উদ্বেগ দূৰ কৰাৰ উপায় বিচাৰি আছে, যাতে কোনো শ্ৰেণীৰ ছাত্ৰই নিজকে বঞ্চিত, ভীতিগ্ৰস্ত বা শংকিত অনুভৱ নকৰে। 5328

কিয় বিতৰ্ক?

UGC এ ২০২৬ চনৰ জানুৱাৰীত এই নতুন নিয়মাৱলী জাৰি কৰিছিল। ইয়াৰ উদ্দেশ্য আছিল উচ্চ শিক্ষা প্ৰতিষ্ঠানত জাতিগত বৈষম্য ৰোধ কৰা।

কিন্তু নিয়মাৱলীৰ ৩(১)(c) ধাৰাত “জাতি-ভিত্তিক বৈষম্য”ৰ যি সংজ্ঞা দিয়া হৈছে, তাত কেৱল অনুসূচিত জাতি (SC), অনুসূচিত জনজাতি (ST) আৰু অন্যান্য পিছপৰা শ্ৰেণী (OBC) ৰ সদস্যৰ বিৰুদ্ধে হোৱা বৈষম্যকহে সামৰি লোৱা হৈছে বুলি অভিযোগ উঠিছিল। 5328

ইয়াৰ পিছত সাধাৰণ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে এই নিয়ম একপক্ষীয় বুলি প্ৰতিবাদ কৰিছিল।

unimex

সুপ্ৰীম কোৰ্টে আগতেই কি কৈছিল?

যোৱা জানুৱাৰীতে সুপ্ৰীম কোৰ্টে এই নিয়মাৱলীৰ ওপৰত স্থগিতাদেশ দিছিল। কোৰ্টে কৈছিল যে নিয়মৰ ভাষা “অতি অস্পষ্ট” আৰু ইয়াৰ অপব্যৱহাৰ হ’ব পাৰে।

কোৰ্টে লগতে ২০১২ চনৰ পুৰণি নিয়মাৱলীকেই আকৌ বলৱৎ কৰিছিল।

বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশে কয়, “প্ৰতিজন ছাত্ৰৰ স্বাৰ্থ ৰক্ষা কৰিব লাগিব।” কোৰ্টে গোচৰটো ৪ সপ্তাহৰ বাবে পিছুৱাই দিছে। 5328

গোচৰৰ পটভূমি

এই গোচৰৰ আৰম্ভণি হৈছিল ৰোহিত ভেমুলা আৰু পায়েল তাদভিৰ মাতৃসকলে ২০১৯ চনত দাখিল কৰা এক আবেদনৰ পৰা। তেওঁলোকে উচ্চ শিক্ষা প্ৰতিষ্ঠানত “ব্যাপক” জাতিগত বৈষম্যৰ অভিযোগ আনিছিল।

এতিয়া কেন্দ্ৰই গঠন কৰিবলগীয়া সমিতিখনে সকলো পক্ষৰ কথা শুনি নতুনকৈ নিয়ম সজাব নেকি, সেয়া চাবলগীয়া হ’ব।

Leave A Reply

Your email address will not be published.

Translate »