গৰিমা গাৰ্গৰ উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ যাত্ৰা
উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ ৰাওনা হ’ল গৰিমা গাৰ্গ।
৩১ অক্টোবৰৰ পৰা গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল গৰিমা গাৰ্গ। চিকিৎসকৰ পৰামৰ্শ অনুসৰি নেমকেয়াৰ হাস্পতালৰ পৰা পোনে পোনে মুম্বাইলৈ লৈ যোৱা হৈছে তেওঁক।
চিকিৎসকৰ মতে, আগন্তুক ১৫-২০ দিন বিশেষজ্ঞ চিকিৎসক�ৰ তত্ত্বাৱধানত থাকিব লাগিব গৰিমাই। মুম্বাইত বিশেষজ্ঞ চিকিৎসকৰ দলে তেওঁৰ সম্পূৰ্ণ চিকিৎসা আৰু পৰ্যবেক্ষণ কৰিব।

জুবিন গাৰ্গৰ বিয়োগৰ পাছৰে পৰা মানসিকভাৱে যথেষ্ট ভাগি পৰিছে গৰিমা। স্বাস্থ্যৰ অৱনতি ঘটা বাবেই পৰিয়ালৰ লোকে উন্নত চিকিৎসাৰ সিদ্ধান্ত লয়।
গৰিমাৰ আশু আৰোগ্যৰ বাবে অনুৰাগীয়ে প্ৰাৰ্থনা কৰিছে। সকলোৱে তেওঁ সোনকালে সুস্থ হৈ ঘূৰি আহক বুলি আশা কৰিছে।